NORTHEAST NOW (Assamese)
অসম

টীয়কৰ দুৰ্ভগীয়া ছাত্ৰীক বিধায়িকাৰ সহায়ৰ হাত; পিতৃ-মাতৃহীনা অংকিতাক ৫০হাজাৰ টকা প্ৰদান

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক June 13, 2021 11:51 am
Teok girl story

ক’ভিডৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণত হাৰ মানি মৃত্যুবৰণ কৰিছিল টীয়ক মেলেঙৰ ১নং ঘৰফলীয়া অঞ্চলৰ নৰেন গগৈয়ে। অতি দুখজনক যে তেওঁৰ পত্নীয়েও কিছুদিন পূৰ্বে মৃত্যুক সাৱটি লৈছিল।

ফলত বৰ্তমান অকলশৰীয়া জীৱন কটাবলগীয়া হৈছে গগৈ পৰিয়ালৰ একমাত্ৰ কন্যা অংকিতা গগৈয়ে।

ইষ্ট-কুটুম্ব তথা গাঁৱবাসীয়ে ইতিমধ্যে সাধ্য অনুসৰি সহায়ৰ হাত আগবঢ়াইছে যদিও তাৰ সমান্তৰালকৈ টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই অগপ-বিজেপিৰ কেইবাগৰাকীও নেতাৰ সহযোগিতাত নৱম শ্ৰেণীত অধ্যয়নৰত দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ কাষত উপস্থিত হয়।

বিধায়িকাগৰাকীয়ে মেধাবী ছাত্ৰীগৰাকীৰ শৈক্ষিক যাত্ৰাত সহায় হোৱাকৈ শনিবাৰে বিয়লি তৎকালীনভাৱে ৫০০০০/- টকা প্ৰদান কৰে l লগতে অনাথ শিশুসকলৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা আঁচনিৰ অন্তৰ্ভুক্তিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দিহা কৰে।

এই ক্ষেত্ৰত  টীয়ক সমষ্টিৰ অসম গণ পৰিষদ, টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া, যোৰহাট জিলা অগপৰ সম্পাদক দ্বীপেন বৰগোঁহাই, অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়াৰ উপস্থিতিত বিধায়িকাগৰাকীয়ে অনাগত দিনতো প্ৰতিটো মুহূৰ্ততে অংকিতাক সহায় সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য কৰে।