NORTHEAST NOW (Assamese)
অসম

আন্তঃগাঁথনি উন্নয়ন আৰু যন্ত্ৰ-পাতি ক্ৰয়ৰ বাবে চৰকাৰৰ ১৫ কোটি টকা বিচাৰিছে জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅই

Posted by: এন ই নাও নিউজ March 28, 2018 11:17 pm

অসমৰ একমাত্ৰ ফিল্ম ষ্টুডিঅ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅয়ে আন্তঃগাঁথনি উন্নয়ন আৰু যন্ত্ৰ-পাতি ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰক ১৫ কোটি টকা অনুদান আগবঢ়াবলৈ অনুৰোধ জনাইছে।

বিশ্বমানৰ পুনঃ বাণীবদ্ধকৰণ ছাউণ্ড থিয়েটাৰ স্থাপন কৰাৰ উদ্দেশ্যে অত্যাধুনিক ছাউণ্ড ছিছটেম ক্ৰয় কৰা, মিনি কেমেৰা হল নিৰ্মাণ আদি ফিল্ম ষ্টুডিঅটোৱে চৰকাৰলৈ আগবঢ়োৱা প্ৰস্তাৱৰ ভিতৰত আছে।

যন্ত্ৰ-পাতি ক্ৰয় পক্ৰিয়া অন্তিম পৰ্যায়ত আহি উপনিত হৈছে বুলি জনাই জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাঘেৰিটাই কয় যে ৰাজ্যখনৰ চলচ্চিত্ৰ নিৰ্মাটাসকলে এই যন্ত্ৰ-পাতি অতি কম মূল্যত ব্যৱহাৰ কৰিব পাৰিব।

দেশৰ ভিতৰতে ইয়াৰ সমপৰ্যায়ৰ আন ষ্টুডিঅৰ তুলনাত জ্যোতি চিত্ৰবনে কম মূল্যত কাৰিকৰী সুবিধা প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে আগবঢ়াই অহা সহায়ৰ বাবেহে ই সম্ভৱ হৈ উঠিছে।