NORTHEAST NOW (Assamese)
অসম

ষ্ট্ৰেঞ্জা সোঁৱৰণি বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিল অসমৰ লাভলিনা আৰু ফাইলু বসুমতাৰী

Posted by: এন ই নাও নিউজ February 19, 2019 9:05 am
zwxdeqjtbq-1542733663

বুলগেৰিয়াৰ ছ’ফিয়াত চলি থকা ৭০ সংখ্যক ষ্ট্ৰেঞ্জা স্মৃতি বক্সিং প্ৰতিযোগিতাত অসমৰ লাভলিনা বৰগোহাঁইৰ লগতে আন এগৰাকী মহিলা বক্সাৰ ফাইলু বসুমতাৰীয়ে ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিব লগীয়া হয়। পদক অৰ্জনৰ খবৰে অসমৰ ক্ৰীড়াপ্ৰেমীক উৎফু্ল্লিত কৰি তোলা পৰিলক্ষিত হৈছে।

প্ৰতিযোগিতাখনত দুৰ্দান্ত প্ৰদৰ্শনেৰে ছেমি ফাইনেললৈ অগ্ৰসৰ হোৱা দুয়োগৰাকী খেলুৱৈয়ে সোমবাৰে নিজৰ নিজৰ ছেমি ফাইনেল মেচত হতাশাজনক খেল খেলি পৰাজয় বৰণ কৰে। যাৰ ফলত ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিব লগীয়া হয় দুয়োগৰাকী বক্সাৰ।

৬৯ কেজি ওজন শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা লাভলিনাই প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত চাইনিছ টাইপেৰ বক্সাৰ নিন চেন চিনৰ হাতত ১-৪ৰ ব্যৱধানত পৰাস্ত হয়।

উল্লেখ্য যে বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনাই প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিলৰ প্ৰতিপক্ষ খেলুৱৈ ছুৱাৰেজ বিয়েট্ৰিজক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেললৈ অগ্ৰসৰ হৈছিল।

আনহাতে ৬৪ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা অসমৰ আন এগৰাকী বক্সাৰ ফাইলু বসুমতাৰীয়ে ইটালীৰ ভেলেণ্টিনা এলবেৰেটিৰ বিৰুদ্ধে খেলা ছেমি ফাইনেল মেচত ৫-০ৰ ব্যৱধানত পৰাজয় স্বীকাৰ কৰি ব্ৰঞ্জৰ পদকতে সন্তষ্ট থাকে।