NORTHEAST NOW (Assamese)
অসম

চীনৰ সৈতে ব্ৰহ্মপুত্ৰৰ বিষয়টো আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী মোডীক তৰুণ গগৈৰ আহ্বান

Posted by: এন ই নাও নিউজ March 28, 2018 10:10 pm
gogoi-2-570x320

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বুধবাৰে প্ৰধানমন্ত্ৰী মোডীক ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত চীনে বান্ধ নিৰ্মাণ কৰা বিষয়টো আলোচনা কৰিবলৈ আহ্বান জনাইছে।

সংবাদ মাধ্যমৰ আগত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চীনৰ কৃত্ৰিম বৰষুণ সংৰক্ষণৰ আঁচনিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অধিক বিপদৰ সৃষ্টি কৰিব।

‘’চীনে ইতিমধ্যে বান্ধ নিৰ্মাণৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ পানীৰ গতি সলনি কৰিছে যিয়ে আমাৰ পানীৰ নাটনি সৃষ্টি কৰিব। চীনৰ কৃত্ৰিম বৰষুণৰ পানী সংৰক্ষণৰ আঁচনিয়ে অধিক বিপদৰ সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰী বি,য়টো গুৰুত্বসহকাৰে লোৱা উচিত,’’-গগৈয়ে কয়।

ভাৰতৰ জলসম্পদ মন্ত্ৰ্যালয় আৰু চীনৰ জলসম্পদ মন্ত্ৰ্যালয়ৰ মাজত আন্ত:-সীমান্তৰ নদীৰ সহযোগিতা সম্পৰ্কে আলোচনাৰ বাতৰিৰ মাজতে গগৈয়ে এই বক্তৱ্য আগবঢ়াইছে।

দুয়োপক্ষৰ বিষয়াসকলে চীনৰ হেংজউ মহানগৰত মিলিত হৈছিল। বিষয়াসকলে চীনে আগবঢ়োৱা ব্ৰহ্মপুত্ৰ আৰু ছুটলেজ নদীৰ জলবিজ্ঞান গৱেষণাৰ ব্যৱহাৰিক তথ্যৰ পৰ্যালোচনা কৰিছিল।

ভাৰত আৰু চীন দুয়োখন দেশৰেই বান সম্পৰ্কীয় তথ্য আদান প্ৰদানৰ এখন চুক্তি আছে যিটো বেইজিঙে যোৱা বছৰ ‘কাৰিকৰী কাৰণ’ৰ অজুহাতত আগবঢ়োৱা নাছিল।

যোৱা ডিচেম্বৰত অসমৰ ব্ৰহ্মপুত্ৰ নদী আৰু অৰুণাচল প্ৰদেশৰ ছিয়াং নদীৰ পানী ঘোলা আৰু বিষাক্ত হৈ পৰিছিল।

বিষাক্ত হৈ পৰা পানীয়ে ৰাজ্যখনৰ জনসাধাৰণৰ লগতে কৰ্তৃপক্ষৰ বাবে উদ্বেগজনক বিষয় হৈ পৰিছিল। দুয়োখন ৰাজ্য চৰকাৰে সন্দেহ প্ৰকাশ কৰিছিল যে চীনত বন্ধ নিৰ্মাণৰ কাৰ্যকলাপেই প্ৰদূষণৰ কাৰণ হ’ব পাৰে।