NORTHEAST NOW (Assamese)
অসম

কোভিড আক্ৰান্ত হৈ কিংবদন্তি দৌৰবিদ ‘উৰন্ত শিখ’ মিলখা সিঙৰ দেহাৱসান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 19, 2021 6:37 am
milkha-singh1-1624041547

‘উৰন্ত শিখ’ ভাৰতৰ এগৰাকী কিংবদন্তি দৌৰবিদ মিলখা সিঙৰ দেহাৱসান ঘটিছে। কোভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছত মিলখা সিঙক চণ্ডীগড়ৰ এখন কোভিড হাস্পাতালৰ আইচিইউত ৰখা হৈছিল আৰু তাতেই তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯১বছৰ।

যোৱা মাহত কোভিডত আক্ৰান্ত হোৱা মিলখা সিঙৰ পত্নী নিৰ্মল কৌৰো পাছত কোভিডত আক্ৰান্ত হৈ কেইদিনমান পূৰ্বে মৃত্যু ঘটিছিল। পত্নীৰ মৃত্যু হোৱা এসপ্তাহ নৌহওতেই কিংবদন্তি এথলেটগৰাকীৰো বিয়োগ ঘটিল।

কোভিডৰ পৰা সুস্থ হোৱাৰ পাছত মিলখা সিঙক চিকিৎসকৰ বিশেষ তত্বাৱধানত নন-কোভিড আইচিইউত ৰখা হৈছিল। বৃহস্পতিবাৰে নিশাৰ পৰাই তেওঁৰ অক্সিজেন লেভেল হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল।

শুকুৰবাৰে সন্ধিয়া শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ পাছত অৱশেষত মৃত্যুৰ সৈতে যুঁজত হাৰ মানে মিলখা সিঙে।

শুকুৰবাৰে নিশা ১১বাজি ৩০ মিনিটত মিলখা সিঙে শেষ নিশ্বাস ত্যাগ কৰা বুলি হাস্পাতালৰ এক বিজ্ঞপ্তিত জনোৱা হয়।

কিংবদন্তি মিলখা সিঙে ভাৰতৰ বাবে বহু গৌৰৱ কঢ়িয়াই আনিছিল। এছিয়ান গেমছত দেশত প্ৰতিনিধিত্ব কৰি চাৰিটা স্বৰ্ণ পদক জয় কৰিছিল মিলখাই।

১৯৫৮চনত টকিঅ’ এছিয়াডৰ ২০০ আৰু ৪০০ মিটাৰ দৌৰত চেম্পিয়ন হৈছিল মিলখা সিং। ১৯৬০ চনৰ ৰোম অলিম্পিকৰ ৪০০মিটাৰৰ ফাইনেলত চতুৰ্থ স্থান লাভ কৰি অলপৰ বাবে পদকৰ বঞ্চিত হৈছিল ‘উৰন্ত শিখ’ মিলখা।

কিংবদন্তি মিলখা সিঙৰ বিয়োগত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিভিন্ন নেতাই শোক প্ৰকাশ কৰিছে।