NORTHEAST NOW (Assamese)
অসম

কেনেদৰে দিয়া হ’ব মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল? চৰকাৰে গঠন কৰিলে কমিটি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 19, 2021 3:13 pm
exa-750x375

অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বাবে দুখন সুকীয়া কমিটি গঠনৰ সন্দৰ্ভত শনিবাৰে এখন জাননী জাৰি কৰিছে।

কমিটি দুখনে ২০২০-২১ শিক্ষাবৰ্ষৰ মেট্ৰিক/হাই মাদ্ৰাছা আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল প্ৰস্তুতিৰ বাবে গ্ৰহণ কৰিবলগীয়া প্ৰক্ৰিয়া সম্পৰ্কত পৰামৰ্শ দিব।

চৰকাৰে গঠন কৰি দিয়া কমিটি দুখনৰ এখন হ’ল মেট্ৰিক/হাই মাদ্ৰাছা (দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা) পৰীক্ষাৰ বাবে কমিটি আৰু আনখন হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ বাবে কমিটি।

কমিটি দুখনৰ প্ৰতিখনতে ৯জনকৈ সদস্য ৰখা হৈছে আৰু তেওঁলোকে ৰাজ্যখনৰ মেট্ৰিক/হাই মাদ্ৰাছা আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল প্ৰস্তুতিৰ বাবে গ্ৰহণ কৰিবলগীয়া প্ৰক্ৰিয়া সম্পৰ্কত কামকাজ কৰিব।

সংশ্লিষ্ট কমিটি দুখনৰ বাবে বাবে কিছুমান চৰ্ত তথা নিয়মাৱলীও জাননীখনত উল্লেখ কৰা হৈছে।

সেই অনুসৰি, প্ৰতিখন বিদ্যালয়ে প্ৰতিটো বিষয়ৰ থিয়ৰি অংশৰ বিপৰীতে নিৰ্দ্ধাৰণ কৰা নম্বৰৰ বাবে প্ৰতিজন শিক্ষাৰ্থীৰ মূল্যাংকনত গ্ৰহণ কৰিবলগীয়া পদ্ধতি সংশ্লিষ্ট কমিটিয়ে দাখিল কৰিব।

board-exams-1024x1024

এই পদ্ধতি প্ৰতিজন শিক্ষাৰ্থীৰ বিপৰীতে বিদ্যালয়ত উপলব্ধ তথ্যপাতিৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰিব লাগিব।

সংশ্লিষ্ট কমিটিয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে চিবিএছই আৰু আন বোৰ্ডসমূহে গ্ৰহণ কৰা পদ্ধতি অধ্যয়ন কৰিব পাৰে।

তদুপৰি, সংশ্লিষ্ট কমিটিয়ে তেওঁলোকৰ প্ৰতিবেদন কমিটি গঠন কৰা তাৰিখৰ পৰা ৭দিনৰ ভিতৰত দাখিল কৰিব লাগিব।

জাননীখনত লগতে উল্লেখ কৰা হৈছে যে অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এটা সিদ্ধান্তত উপনীত হোৱাৰ ক্ষেত্ৰত সংশ্লিষ্ট কমিটি দুখনক সকলোধৰণৰ কাৰিকৰী তথা আনুষ্ঠানিক সহযোগিতা আগবঢ়াব লাগিব।

কমিটিৰ প্ৰতিবেদন লাভ কৰাৰ লগে লগে সঠিক পৰীক্ষণৰ পাছত অসম চৰকাৰৰ শিক্ষা বিভাগে সংশ্লিষ্ট কাৰ্যালয় তথা বিদ্যালয়সমূহক তেওঁলোকৰ কৰিবলগীয়া কাম সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিব।

 

জাননীখনত কোৱা হৈছে যে ২০২১ৰ ৩০ জুলাইৰ ভিতৰত সংশ্লিষ্ট বিদ্যালয়সমূহৰ পৰা আভ্যন্তৰীণ মূল্যায়ন, প্ৰেক্টিকেল পৰীক্ষাৰ নম্বৰ তথা থিয়ৰি অংশৰ বিপৰীতে নিৰ্দ্ধাৰিত নম্বৰ লাভ কৰাৰ পাছত ছেবা আৰু শিক্ষা সংসদে চূড়ান্ত ফলাফল প্ৰস্তুত কৰিব।

চৰকাৰে গঠন কৰি দিয়া কমিটি দুখনৰ প্ৰথমখন মেট্ৰিক/হাই মাদ্ৰাছা (দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা) পৰীক্ষাৰ বাবে কমিটিখনৰ অধ্যক্ষ হৈছে ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ অলক বুঢ়াগোঁহাই।

আনহাতে, দ্বিতীয়খন হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ বাবে কমিটিৰ অধ্যক্ষ হৈছে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক দীপক কুমাৰ শৰ্মা।