NORTHEAST NOW (Assamese)
অসম

মুখ্যমন্ত্ৰীয়ে নিজকে এজন একনায়কত্ববাদী আৰু ফেচিষ্ট মানসিকতাৰ ব্যক্তি বুলিহে প্ৰমাণ কৰিলে: কোঁৱৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 20, 2021 9:15 pm
Rhitu VS Himanta CM

কালি অসমৰ মুখ্যমন্ত্রীয়ে ৰাজ্যখনৰ বিৰোধী দলসমূহৰ সম্পর্কে যি অশোভনীয় মন্তব্য কৰিলে তাক অসম প্রদেশ কংগ্রেছ কমিটিয়ে তীব্র গৰিহণা দিয়ে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যিক মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে কয়, ‘মুখ্যমন্ত্ৰীয়ে নিজকে এজন একনায়কত্ববাদী আৰু ফেচিষ্ট মানসিকতাৰ ব্যক্তি বুলিহে প্ৰমাণ কৰিলে আৰু তেওঁৰ এনে মন্তব্যক গণতান্ত্রিক পৰম্পৰাৰ পৰিপন্থী আখ্যা দিছো।‘

সৌ সিদিনা গণতান্ত্রিক পৰম্পৰাৰে নিৰ্বাচিত আৰু সংবিধান ৰক্ষাৰ নামত শপত লোৱা এগৰাকী মুখ্যমন্ত্রীৰ মুখত এনেধৰণৰ গণতন্ত্র আৰু সংবিধানক চূড়ান্ত অৱমাননা কৰা সদৃশ মন্তব্য একেবাৰে শোভা নাপায় বুলি দাবী কৰে কোঁৱৰে।

ইপিনে, মুখ্যমন্ত্ৰীয়ে এই মন্তব্যৰ বিপৰীতে অন্য প্ৰকাৰে মন্তব্য কৰিব পাৰিলেহেঁতেন বুলি উল্লেখ কৰি কোঁৱৰে কয়, ‘গণতন্ত্র আৰু সংবিধান বিৰোধী এনে অশোভনীয় মন্তব্য দিয়াৰ পৰিৱর্তে নতুন মুখ্যমন্ত্রী গৰাকীয়ে যদি ক’লেহেঁতেন যে বিৰোধী শক্তিশালী হওক আৰু আমাৰ চৰকাৰৰ আঁচনি, নীতি-নিৰ্দেশনা, কাম-কাজ সমূহৰ ভুল-ত্রুটী, আসোঁৱাহ সমূহ নিৰ্মোহভাৱে দাঙি ধৰি চৰকাৰক গঠনমূলক সমালোচনাৰে সঠিক দিশত আগুৱাই যোৱাত সহায় কৰক, তেতিয়া তেখেতে বিৰোধীৰ লগতে সমগ্র অসমবাসীৰো সাধুবাদ পালেহেঁতেন আৰু তেখেতৰ বহল মানসিকতাৰ পৰিচয় দিব পাৰিলেহেঁতেন।‘

কিন্তু এইয়া যেন মুখ্যমন্ত্রী গৰাকীৰ চূড়ান্ত দাম্ভিক আৰু অহংকাৰৰ ধৃষ্টতা প্ৰদৰ্শন! বুলি কটাক্ষ কৰি কোঁৱৰে আৰু কয়, ‘এনে বক্তব্যৰে তেওঁ নিজকে গণতান্ত্রিক শাসন ব্যৱস্থা আৰু সংসদীয় গণতন্ত্রৰ ওপৰত বিশ্বাস ৰখা ৰাজনৈতিক নেতাৰ পৰিৱর্তে এজন একনায়কত্ববাদী আৰু ফেচিষ্ট মানসিকতাৰ ব্যক্তি বুলিহে প্ৰমাণ কৰিলে ।‘

তেওঁ লগতে কয়, ‘প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মুখ্যমন্ত্রী ডাঙৰীয়াক আহ্বান জনাইছো যে তেখেতে সংবিধান, গণতান্ত্রিক শাসন ব্যৱস্থা আৰু সংসদীয় ব্যৱস্থাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক। এজন সাধাৰণ ৰাজনৈতিক কৰ্মীৰ দৰে নহয় এখন ৰাজ্যৰ মুখ্যমন্ত্রী হিচাবে গাম্ভীর্যতাৰে ৰাজহুৱা মন্তব্য কৰক। লগতে ইতিবাচক দৃষ্টিভংগীৰে বিৰোধী ৰাজনৈতিক দল আৰু সমালোচকক যথোচিত সন্মান প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰক।‘