NORTHEAST NOW (Assamese)
অসম

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা: ভিন্ন ৰাজ্যৰ বোৰ্ড সমূহৰ বাবে একে ফলাফল নিৰ্ধাৰণৰ প্ৰক্ৰিয়া সম্ভৱ নহয়: উচ্চতম ন্যায়ালয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 24, 2021 1:56 pm
CBSE Exam

চিবিএছই-এ দ্বাদশ তথা দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ পিছতে শিক্ষাৰ্থীক কিদৰে ফলাফল দিয়া হ’ব তাকেলৈ বহুতৰে মাজত আলোচনা আৰম্ভ হৈ গৈছে।

এনে সময়তে উচ্চতম ন্যায়ালয়ে তাৎপৰ্যপূৰ্ণ ভাবে এই বুলি কৈছে যে ৰাজ্য ভেদে বোৰ্ড সমূহৰ মন্বৰ প্ৰদানৰ প্ৰক্ৰিয়াও বেলেগ বেলেগ।

সেয়ে এই ক্ষেত্ৰত একে পদ্ধতিৰে শিক্ষাৰ্থীৰ নন্বৰৰ মূল্যায়ন কৰাটো সম্ভৱ নহয়।

ন্যায়াধীশ এএম খানউইলকাৰ আৰু দীনেশ মাহেশ্বৰীৰ আদালতে কয় যে প্ৰতি খন ৰাজ্যৰ প্ৰতি খন বোৰ্ড স্বতন্ত্ৰ।

সেয়ে এই ক্ষেত্ৰত একে পদ্ধতিৰে মূল্যায়ন কৰাটো অসম্ভৱ।আদালতে সেয়ে এনেবোৰ বিষয়ৰ ওপৰত ভিত্তি কৰি পৰীক্ষা বাতিল কৰাৰো নিৰ্দেশ দিব নোৱাৰে বুলি কয়।

উল্লেখ্য ক’ৰ’নাতংকৰ বাবে বাতিল কৰা CBSE ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল নিৰ্ধাৰণৰ বাবে বহু শিক্ষাবিদে যি ৩০:৩০:৪০ সূত্ৰৰ পৰামৰ্শ দিছিল সেই বিষয়ে উচ্চতম ন্যায়ালয়ক CBSE -এ অৱগত কৰিছিল।

উচ্চতম ন্যায়ালয়ত এটৰ্নী জেনেৰেল কেকে বেনুগোপালে কয় যে দশম, দ্বাদশ আৰু প্ৰি-বোৰ্ড টেষ্টৰ পৰীক্ষাৰ ফলাফলৰ ভিত্তিত দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হ’ব।দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ৩১ জুলাইৰ ভিতৰত প্ৰকাশ কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰে।

দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ দশম আৰু , একাদশ শ্ৰেণীৰ ফলাফলৰ লগতে প্ৰি-বোৰ্ড টেষ্টৰ ফলাফলৰ ওপৰত ভিত্তি কৰি দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল বহু বিদ্যালয়ৰ অধ্যক্ষসকলে।

CBSE- এ ইতিমধ্য এখন ১৩ জনীয়া সমিতি গঠন কৰি দিছে। এই সমিতিয়ে ৩০:৩০:৪০ সূত্ৰৰ আধাৰত ফলাফল ঘোষণাৰ পৰামৰ্শত অনুমোদন জনালে সেই অনুসৰিয়েই ফলাফল ঘোষণা কৰা হ’ব। কিন্তু কি এই ৩০:৩০:৪০ সূত্ৰ?

৩০:৩০:৪০ সূত্ৰৰ আধাৰত ফলাফল ঘোষণা কৰিবলৈ দ্বাদশ শ্ৰেণীৰ পৰাক্ষাৰ্থীৰ দশম শ্ৰেণীৰ ফলাফলৰ ক্ষেত্ৰত ৩০ শতাংশ,একাদশ শ্ৰেণীৰ ফলাফলৰ ক্ষেত্ৰত ৩০ শতাংশ আৰু প্ৰি-বোৰ্ড পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত ৪০ শতাংশ গুৰুত্ব আৰোপ কৰা হ’ব।

১৭ জুনত সমিতিয়ে উচ্চতম ন্যায়ালয়ক এই বিষয়ে অৱগত কৰিব।উল্লেখ্য বিগত মাহত পৰীক্ষাৰ্থীৰ একাংশ অভিভাৱকে CBSE ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাবাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজৰিত আবেদন কৰিছিল।

দেশত অব্যাহত থকা ক’ৰ’নাৰ সংহাৰৰ বাবেই অৱশেষত চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
পৰীক্ষা অনুষ্ঠিত কৰাৰ সলনি চিবিএছইয়ে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক অৱজেক্টটিভ ক্ৰাইটেৰিয়াৰ ভিত্তিত ফলাফল প্ৰদান কৰাৰ কথা চিন্তা কৰা হৈছিল।

ইয়াৰোপৰি যিসকল শিক্ষাৰ্থীয়ে পৰীক্ষাত বহিব বিচাৰে তেওঁলোকে পৰিস্থিতি উন্নত হ’লে পৰীক্ষাত বহিব পাৰিব বুলিও কোৱা হৈছিল।

চিবিএছইয়ে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ পৰীক্ষাৰ ফলাফল নিৰ্ণয়ৰ বাবে এখন বিশেষ সমিতি গঠন কৰিব বুলিও প্ৰকাশ কৰিছিল আৰু সেইমৰ্মে ১৩ জনীয়া সমিতি গঠনো কৰিছে।