NORTHEAST NOW (Assamese)
অসম

আধাৰ কাৰ্ড বনোৱাৰ নামত ধন সংগ্ৰহ বে-চৰকাৰী সংস্থাৰ; গাইপতি ৩০০ টকাকৈ লোৱাৰ অভিযোগ

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন June 25, 2021 12:12 pm
Private Adhar center

দুৰ্নীতিমুক্ত অসম গঢ়াৰ শ্ল’গানেৰে দ্বিতীয়বাৰলৈ ৰাজ্যত শাসনৰ বাঘজৰী লোৱা বিজেপি চৰকাৰৰ দিনত গোলাঘাটত সাধাৰণ জনতাৰ পৰা অবৈধ ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে।

গোলাঘাটত আধাৰ কাৰ্ড তৈয়াৰ কৰাৰ নামত ধন সংগ্ৰহ কাৰ্যত নামি পৰিছে  গোলাঘাট ৰঙাজান পাৰিজাত ছচিয়েল হেল্প লাইন নামৰ বেচৰকাৰী সংস্থাটো।

কৰ’নাৰ এনে দুৰ্যোগৰ সময়ত অৰ্থনৈতিকভাৱে কোঙা হৈ পৰা সাধাৰণ ৰাইজৰ পৰা আধাৰ কাৰ্ড বনোৱাৰ নামত অত্যাধিক ধন সংগ্ৰহত নামি পৰিছে এই বে- চৰকাৰী সংস্থাটো।

সংস্থাৰ কাৰ্যালয়টোত এতিয়া চলিব ধৰিছে আধাৰ কাৰ্ডৰ নামত বুজন পৰিমাণৰ ধন সংগ্ৰহ। সাধাৰণ ৰাইজৰ পৰা গাইপতি ৩০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে পাৰিজাত ছচিয়েল হেল্প লাইন সংস্থাটোৰ বিৰুদ্ধে।

আজি ভুক্তভোগী কেইবাগৰাকী লোকে অভিযোগ উত্থাপন কৰি সংবাদ মাধ্যমৰ আগত এইকথা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, বিগত দিনত ক’ভিড পৰিস্থিতিৰ বাবে আধাৰ কেন্দ্ৰ বন্ধৰ নিৰ্দেশ দিছিল ৰাজ্য চৰকাৰে।

কিন্তু চৰকাৰে পুনৰ খুলিবলৈ নিৰ্দেশ দিয়াৰ পিছতেই  আধাৰ কাৰ্ডৰ নামত ধনৰ ব্যৱসায় চলাবলৈ আৰম্ভ কৰে পাৰিজাত চছিয়েল হেল্পলাইন নামৰ এই বে-চৰকাৰী সংস্থাটোৱে।

আনহাতে, ৰাইজৰ অভিযোগ অনুসৰি মৰঙী ৰাজহ চক্ৰৰ দায়িত্বত থকা বিষয়াগৰাকী উক্ত কাৰ্যালয়টোত গৈ উদ্যোক্তা সকলক সকীয়নী প্ৰদান কৰিছে যদিও এতিয়া সময়েহে ক’ব এই সকীয়নী কিমানদূৰ ফলপ্ৰসূ হয়।