NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মণিপুৰৰ সংসদীয় সচিব নিযুক্তিঃ ৫ এপ্ৰিলত হ’ব চূড়ান্ত শুনানি

Posted by: এন ই নাও নিউজ March 29, 2018 1:31 pm
High

মণিপুৰৰ ৰাজ্য চৰকাৰে ১২ গৰাকীকৈ  সংসদীয় সচিব নিযুক্তি দিয়াক প্ৰত্যাহ্বান জনাই কৰা দাখিল কৰা এখন লেখ আবেদনৰ ভিত্তিত উক্ত বিষয়টো সন্দৰ্ভত ৫ এপ্ৰিলত হ’ব চূড়ান্ত শুনানি গ্ৰহণ কৰিব মণিপুৰ উচ্চ ন্যায়ালয়ে।

উল্লেখযোগ্য যে বিধায়ক অ’ সূৰ্যকুমাৰ আৰু আন তিনিগৰাকী বিধায়কৰ আবেদনৰ ভিত্তিত যোৱা মঙলবাৰে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰিছিল। উক্ত দিনাই মণিপুৰ উচ্চ ন্যায়ালয়ৰ কাৰ্যবাহী মুখ্য ন্যয়াধীশ এন কোটিশ্বৰ আৰু ন্যায়াধীশ কে নবিনৰ খণ্ড বিচাৰপীঠখনে ৫ এপ্ৰিলৰ দিনটো চূড়ান্ত শুনানিৰ বাবে ধাৰ্য কৰে।

আবেদনকাৰীসকলে অল ইণ্ডিয়া ৰিপ’ৰ্টছ ২০১৭ এছ চি ৩৫৫২ নিয়মাৱলীৰ ভিতৰত ১২ গৰাকী সংসদীয় সচিব নিযুক্তি দিয়াটো যুক্তিসংগত হয়নে নহয় এই সন্দৰ্ভত প্রশ্ন উত্থাপন কৰিছিল।

প্ৰসংগটোত চৰকাৰী পক্ষই উচ্চতম ন্যায়ালয়ৰ ৰায়টো ভালদৰে চালিজাৰি চোৱাৰ বাবে কিছু সময় বিচৰাৰ পৰিপ্ৰেক্ষিততে ৫ এপ্ৰিলৰ দিনটোত চূড়ান্ত শুনানি গ্ৰহণৰ বাবে ধাৰ্য কৰা হয়।

যদিহে অহা ৫ এপ্ৰিলত উচ্চ ন্যায়ালয়খনৰ ৰায় মণিপুৰ চৰকাৰৰ বিপক্ষে যায় তেন্তে সেয়া চৰকাৰখনৰ নৈতিক পৰাজয় বুলি গণ্য কৰা হ’ব বুলি প্ৰকাশ কৰিছে একাংশ সূত্ৰই। সেয়েহে এতিয়া ৫ এপ্ৰিলৰ ৰায়দানটোলৈ বাট চাইছে ৰাইজে।