NORTHEAST NOW (Assamese)
অসম

চাপৰত আৰক্ষীৰ গুলীত আহত কুখ্যাত ডকাইত ছহিদুল ইছলাম

Posted by: তিলক প্ৰসাদ Updated by: তিলক প্ৰসাদ June 26, 2021 9:52 pm
chapar

নামনি অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ আৰক্ষীৰ চকুত ধূলি দি আত্মগোপন কৰি থকা কুখ্যাত ডকাইত ছহিদুল ইছলামক মানকাচৰ থানা এলাকাৰ এঠাইৰ পৰা মানকাচৰ আৰু চাপৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে।

ডকাইতটোক লগতলৈ ডকাইতি সম্পৰ্কীয় এক ঘটনাৰ তদন্ত কৰাৰ বাবে চাপৰ আৰক্ষীয়ে যোৱা নিশা শ্ৰী গ্ৰাম ৬ষ্ঠ খণ্ডৰ নিউ হাতীপোতা নামে ঠাইত অভিযান চলাইছিল।

উক্ত স্থানত ডকাইত ছহিদুলে শৌচালয়লৈ যোৱাৰ কথা ব্যক্ত কৰাত এগৰাকী চিপাহীক ধৰিবলৈ দি লগতে আৰু কেইজনমান আৰক্ষীৰ লোকসহ ডকাইতটোক শৌচ কৰিবলৈ নিয়া হয়।। শৌচ কৰাৰ বাবে এখন হাতৰ হেণ্ডকাফ খুলি দিয়া হৈছিল।

কিন্তু এন্ধাৰৰ সুযোগ লৈ ধুৰন্ধৰ ছহিদুলে চিপাহীৰ হাতৰ পৰা বলপূৰ্বক ভাবে হেণ্ডকাফ এৰুৱাই পলাবলৈ চেষ্টা কৰে। । তেতিয়া উপায়ন্তৰ হৈ আৰক্ষীয়ে ডকাইতটোৰ ভৰিলৈ লক্ষ্য কৰি গুলী কৰে । ফলত গুলী লাগি ডকাইতটো আহত হয় আৰু আৰক্ষীয়ে ডকাইতটোক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে।

জানিব পৰা মতে কিছুদিন পূৰ্বে চাপৰ থানা তথা শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত নিউ হাতীপোতাৰ বাসিন্দা আব্দুল ৰহিম আৰু আব্দুল অহাব নামৰ দুই ভাতৃৰ গৃহত একেদিনাই নিশা ডকাইতি কৰি কেবাজনো ডকাইতে লুটি নিছিল বুজন পৰিমাণৰ আ- অলংকাৰ আৰু নগদ ধন।

এই ডকাইতিৰ মূল চৰ্দাৰ ছহিদুলৰ নামত কেবাটাও গোচৰ চাপৰ আৰু বিলাসীপাৰ থানাত থকা বুলি বিলাসীপাৰা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰাই সাংবাদিকৰ আগত প্ৰকাশ কৰিছে।

বৰাই লগতে জানিবলৈ দিয়ে যে ডকাইতি কৰাৰ উপৰিও কুখ্যাত ছহিদুল হত্যা, ধৰ্ষণ , ব্লেকমেইলিং আদিৰ লগতে ডকাইতি কৰিবলৈ গৈ মহিলাক সংজ্ঞাহীনকৰি অশ্লীল ভিডিও আৰু ফটো তুলি ব্লেক মেইলিং কৰাৰো নজিৰ আছে।

কুখ্যাত ডকাইত ছহিদুল ইছলামক কৰায়ত্ব কৰাৰ বাবে চাপৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলেৰ নেতৃত্বত কেবাদিনো ধৰি আৰক্ষীয়ে অভিযান চলাইছিল ।