NORTHEAST NOW (Assamese)
অসম

পখিলা খেদা বয়সতে দুই কণমানি আক্ৰান্ত এক জটিল ৰোগত; মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীক সহায় ভিক্ষা মাতৃৰ

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা June 28, 2021 10:02 am
ill child nagaon

পখিলা খেদা বয়সতে কলিয়াবৰৰ ভৰিধোৱা গাঁৱৰ একেটা ঘৰৰে দুটি কনমানি শিশু আক্ৰান্ত হৈছে এক জটিল ৰোগত। যাৰ বাবে এতিয়া মাতৃয়ে সহায় ভিক্ষা বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ পৰা।

কলিয়াবৰৰ ভৰিধোৱা গাঁৱৰ জোস্না দাসৰ দুই সন্তান দহবছৰীয়া পঞ্চানন দাস আৰু সাত বছৰীয়া টুম্পা দাসৰ দেহত অচিন ৰোগে দেখা দিয়াত অসহায় হৈ পৰিছে দু্ৰ্ভগীয়া মাতৃগৰাকী।

জন্মৰে পৰা পঞ্চাননৰ দেহৰ ছালবোৰ ফাটি ফাটি যোৱা দেখা পায় পৰিয়ালটোৱে। চিকিৎসা কৰিবলৈ অসমৰ্থ দুৰ্ভগীয়া পৰিয়ালটোৱে যথেষ্ট কষ্টৰে চিকিৎসা চলাইছিল যদিও সাতবছৰীয়া কন্যা সন্তান টুম্পাৰ দেহতো দেখা দিয়ে এই ৰোগে।

টুম্পাই কানেৰে নুশুনাৰ লগতে মুখেৰেও মাতিম নোৱাৰে। যাক লৈ এতিয়া বিপাঙত পৰিছে দিন হাজিৰা কৰা মাতৃ জোস্না দাস।

উল্লেখযোগ্য যে তিনি বছৰ পূৰ্বে জোস্না দাসৰ স্বামী গোবিন্দ দাসে চাৰিটাকৈ সন্তান এৰি থৈ ঘৰৰ পৰা অন্তৰ্ধান হয়।

তেতিয়াৰে পৰা চাৰিটাকৈ সন্তান বুকুত সাৱটি জোস্না দাসে অতি কষ্টৰে দিন হাজিৰা কৰি পৰিয়ালটো চলাই নিছে যদিও ৰোগাক্ৰান্ত দুই সন্তানক লৈ বিপদত পৰিছে।

ৰোগাক্ৰান্ত সন্তান দুটাক চোৱা চিতা কৰিবৰ বাবেই পঞ্চম মানতে পঢ়া সামৰিব লগা হৈছে ডাঙৰ কন্যাই।

পুৱাই দিনহাজিৰা কৰিবলৈ ওলাই যোৱা জোস্না দাসৰ দুই সন্তানৰ চিকিৎসাৰ বাবে নাই সাঁচতীয়া ধন। যাৰ বাবে এতিয়া স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমবাসী ৰাইজৰ পৰা বিচাৰিছে সহায়ৰ হাত।

যদি কোনো ব্যক্তিয়ে সহায় কৰিব বিচাৰে জোস্না দাসৰ নামত থকা ইউনাইটেড বেংকৰ আমবাগান শাখাৰ ACCOUNT NUMBER 0780010170500, IFC CODE PUNB0078020 নম্বৰত সাহায্য আগবঢ়াব পাৰে অথবা 6003669984 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে।