NORTHEAST NOW (Assamese)
অসম

তামুলপুৰত মানৱতাক লজ্জানত কৰি ৯ বছৰীয়া কন্যা শিশুক ধৰ্ষণ ৪৪ বছৰীয়া লম্পটৰ

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক June 28, 2021 10:38 am
Rape accused in Baksa

বাক্সাৰ তামুলপুৰত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা এক ঘটনা।

৪৪ বছৰীয়া লোকৰ কামনাৰ বলি হৈছে ৯ বছৰীয়া কন্যা শিশু।

যোৱা ২৫ জুনতেই ধৰ্ষণ কৰিছিল পশ্চিম ঝাৰগাঁও নিবাসী ব্ৰজেন কলিতা নামৰ লোকজনে এটি ৯ বছৰীয়া কন্যা শিশুক।

শিশুটোৱে ভায়েক এজনৰ লগত ঘৰৰ ওচৰতে পুখুৰীত মাছ মাৰিবলৈ যাওঁতে শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল শিশুটিক।

দেওবাৰে হঠাৎ শিশুটি অসুস্থ হৈ পৰাত মাকক সমগ্ৰ ঘটনা বিৱৰি কোৱাত লোক জনৰ জঘন্য কাৰ্য্য পোহৰলৈ আহে।

পৰিয়ালৰ লোকে দেওবাৰে নিশা ঘটনা সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

এজাহাৰৰ ভিত্তিত লম্পট ব্ৰজেনক আৰক্ষীয়ে আটক কৰিছে।

পস্ক’ আইনৰ অধীনত ব্ৰজেনৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰা হৈছে।