NORTHEAST NOW (Assamese)
অসম

মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত; জনালে শিক্ষামন্ত্ৰীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 1, 2021 4:45 pm
business-concept-exam-results-phrase-page-206367199-1140x570

মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষাৰ সন্দৰ্ভত ছেবাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ সংবাদমেলত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰী কৰা হয়।

ছেবাৰ বিষয়ববীয়াসকলৰ লগতে শিক্ষা মন্ত্ৰী ডা: ৰনোজ পেগুও উপস্থিত থকা সংবাদমেলত শিক্ষামন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্তসমূহৰ কথা সদৰী কৰে।

সেই অনুসৰি, অহা ৩১ জুলাইৰ ভিতৰত মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি নিশ্চিত কৰি দিয়া হৈছে।

চৰকাৰে গঠন কৰি দিয়া কমিটীৰ প্ৰতিবেদনৰ ভিত্তিতেই ফলাফল ঘোষণা কৰা হ’ব।

এইবাৰ পৰীক্ষাৰ ফলাফলত ষ্টাৰ, ডিষ্টিংছন আদিৰ লগতে নাথাকিব কোনো স্থানৰ  ব্যৱস্থা।

ফলাফলৰ ক্ষেত্ৰত নৱম শ্ৰেণীৰ পৰা ৪০ শতাংশ নম্বৰ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ পৰা ৪০ শতাংশ নম্বৰ লোৱা হ’ব।

সেইদৰে, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ ভিত্তিতো নম্বৰ দিয়া হ’ব।উপস্থিতি-নিয়মানুৱৰ্তিতাৰ পৰা ২০ শতাংশ নম্বৰ থাকিব। তদুপৰি, দিব্যাংগ শিক্ষাৰ্থীসকলৰ মূল্যায়ন বিদ্যালয়ে কৰিব।

আনহাতে, যিসমূহ বিদ্যালয়ত দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাই তেনে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত ৭০ শতাংশ নম্বৰ নৱম শ্ৰেণীৰ পৰীক্ষাৰ পৰা দিয়া হ’ব আৰু বাকী ৩০ শতাংশ নম্বৰ শিক্ষকে নিৰূপন কৰিব।