NORTHEAST NOW (Assamese)
অসম

দলং নিৰ্মাণৰ সাত মাহ নৌহওতেই খহি পৰিল দলঙৰ দুই পাৰৰ মাটি; ব্যাহত যাতায়ত

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক July 2, 2021 2:13 pm
Bridge damaged

যোৰহাট জিলাৰ টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰজাবাৰী দুলীয়া সংযোগী পথৰ টেপৰজান নদীৰ ওপৰত নিৰ্মাণ কৰা কাঠৰ দলং নিৰ্মাণৰ সাত মাহ নৌহওতেই দলংখনৰ দুয়োটো মূৰৰ পথৰ মাটি এজাক বৰষুণতে খহি পৰাত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে।

লোক নিৰ্মাণ বিভাগে পঞ্চম বিত্তীয় আয়োগৰ প্ৰায় ৯ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা দলংখনৰ দুয়োটা মূৰত কোনা গাইড বান্ধ নিদিয়াত এজাক বৰষুণতে দলঙৰ দুয়োটা মূৰৰ পথচোৱাৰ মাটি খহি পৰিছে।

তদুপৰি নদীখনৰ খহনীয়াই নতুনকৈ নিৰ্মাণ কৰা দলংখনৰ প্ৰতি ভাবুকি নমাই আনিছে।

ইপিনে, দলংখন নিৰ্মাণৰ ক্ষেত্ৰত কিমান ধন আৱন্টন হৈছিল বা কি আঁচনিৰ অধীনত নিৰ্মিত হৈছিল তাৰো কোনো ফলক নথকাৰ ফলত গাঁৱবাসীয়ে ক্ষোভ প্ৰকাশ কৰিছে।

ৰাইজে অনতিপলমে বিভাগীয় কৰ্তৃপক্ষক দলঙৰ দুটা মুৰ মেৰামতি কৰি ৰাইজৰ যাতায়াত সুচল কৰিবলৈ দাবী জনাইছে।