NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁও জিলা সৰ্বশিক্ষা মিছনৰ জিলা প্ৰকল্প বিষয়া তথা প্ৰাক্তন সংবাদিক প্ৰদীপ দেৱশৰ্মাৰ মৃত্যু

Posted by: প্ৰণৱ কুমাৰ ডেকা Updated by: প্ৰণৱ কুমাৰ ডেকা July 2, 2021 2:25 pm
mm

বঙাইগাঁও জিলা সৰ্বশিক্ষা মিছনৰ জিলা প্ৰকল্প বিষয়া তথা প্ৰাক্তন সংবাদিক প্ৰদীপ দেৱশৰ্মা (৪৮) ৰ বঙাইগাওঁ চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত  চিকিৎসাধীন অৱস্থাত বিয়োগ ঘটিছে ৷

উল্লেখ্য যে  বিগত কিছুদিন ধৰি কিডনীকে ধৰি একাধিক ৰোগত আক্ৰান্ত হৈ থকা প্ৰদীপ দেৱশৰ্মাৰ অকাল  মৃত্যুৰ খবৰে বঙাইগাঁও জিলাৰ শিক্ষা বিভাগকে ধৰি বঙাইগাঁৱত গভীৰ শোকৰ ছাঁ পেলায় ৷

বঙাইগাঁও চহৰৰ ভাকাৰিভিটা নিবাসী প্ৰদীপ দেৱশৰ্মাই বিগত কিছুদিন ধৰি কিডনী , মধুমেহকে ধৰি একাধিক ৰোগত আক্ৰান্ত হোৱাত তেওঁক চিকিৎসাৰ বাবে বঙাইগাঁৱৰ ল’ৱাৰ আছাম হস্পাতাল এণ্ড ৰিছাৰ্ছ চেণ্টাৰত ভৰ্ত্তি কৰা হৈছিল৷
চিকিৎসাধীন হৈ থকা অৱস্থাত স্বাস্থ্যৰ বিশেষ কোনো উন্নতি নঘটাত বৃহস্পতিবাৰে তেওঁক পৰিয়ালৰ  লোকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ  নিয়াৰ কথা আছিল ৷

কিন্তু পুৱা প্ৰায় ৪.৪৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ উল্লেখ্য যে  দেৱশৰ্মাই ১৯৯৮  চনৰ ডিচেম্বৰ মাহত  জিলা প্ৰাথমিক শিক্ষা অভিযানত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলিছিল ৷ পৰৱৰ্তী পৰ্যায়ত জিলা প্ৰাথমিক শিক্ষা অভিযানক সৰ্বশিক্ষা অভিযান হিচাপে ৰূপান্তৰ কৰা হয় ৷

ইয়াৰ পিছত তেওঁ ২০০৩ চনত সৰ্বশিক্ষা মিছনৰ প্ৰকল্প বিষয়া হিচাপে শিৱসাগৰত  যোগদান কৰিছিল ৷
পৰৱৰ্তী সময়ত তেওঁক বঙাইগাঁও জিলালৈ বদলি কৰা হয় আৰু বঙাইগাঁও জিলাতে  দীৰ্ঘ সময় সময়জুৰি  জিলা সৰ্বশিক্ষা মিছনৰ প্ৰকল্প বিষয়া হিচাপে নিষ্ঠাৰে দায়িত্ব পালন কৰি গৈছিল ৷

উল্লেখ্য যে বিভিন্ন সামাজিক ক্ষেত্ৰৰ সৈতে জড়িত প্ৰয়াত প্ৰদীপ দেৱশৰ্মা পূৰ্বে ’দৈনিক জনমভূমি’ৰ বঙাইগাঁৱৰ সংবাদদাতা হিচাপেও প্ৰায় তিনি বছৰ  কাম কৰিছিল ৷ তেওঁ বৰ্তমান বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ প্ৰচাৰ সম্পাদকৰ দায়িত্বতো আছিল ৷

তেওঁৰ মৃত্যুত বঙাইগাঁৱৰ লগতে  জিলাখনত শোকৰ ছাঁ পৰে ৷ ইপিনে তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে ভাকাৰিভিটাস্থিত বাসভৱনত বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া , অতিৰিক্ত উপায়ুক্ত পংকজ চমুৱা , জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীল মাধৱ দাস , বঙাইগাঁও জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া তথা জিলাখনৰ বিদ্যালয় সমূহৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক আমিৰ হুছেইন ,বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেছমিন , বঙাইগাঁও পৌৰসভাৰ প্ৰাক্তন সভাপতি দীপু চৌধুৰী , বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মা , সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ডেকা , কাৰ্যকৰী সভাপতি প্ৰশান্ত ৰায়, বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি সত্য নাৰায়ণ ৰায়, সাধাৰণ সম্পাদক পংকজ শৰ্মা আদিকে ধৰি আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে ৷

শেষ শ্ৰদ্ধা নিবেদনৰ পাছতে তেওঁৰ মৃতদেহ  নিউ বঙাইগাঁও শ্মশানলৈ নিয়া হয় আৰু তাতে শেষকৃত্য সম্পন্ন কৰা হয় ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী ৰুনা শৰ্মা , একমাত্ৰ কন্যা সন্তান দীক্ষিতাৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক পিতৃ অনিল দেৱশৰ্মা, দুজন জ্যেষ্ঠ ভাতৃ , দুগৰাকী বৌয়েক, ভতিজা-ভতিজী আৰু অনেক গুণমুগ্ধক ইহো সংসাৰত এৰি থৈ যায় ৷

ইপিনে প্ৰাক্তন সংবাদকৰ্মী তথা সৰ্বশিক্ষা মিছনৰ জিলা প্ৰকল্প বিষয়া গৰাকীৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে ৷ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

সেইদৰে বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদেও তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷