NORTHEAST NOW (Assamese)
অসম

ফিলিপাইনত সেনা বাহিনীৰ বিমান বিধ্বস্ত; ১৭ জনৰ মৃত্যু, ৪০ জনক জীৱন্তে উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 4, 2021 1:09 pm
philipines aircraft crash

ফিলিপাইনত অৱতৰণৰ পূৰ্বে দেশখনৰ বিমানবাহিনীৰ এখন বিমান বিধ্বস্ত হৈছে। বাতৰি অনুসৰি, বিমানখনত ৮৫জন যাত্ৰী আছিল।

বিমান যাত্ৰীসকলৰ বেছিভাগেই সামৰিক বাহিনীৰ সদস্য। তদুপৰি, বিমানখনত ৩জন পাইলট আৰু ৫জন ক্ৰু সদস্য আছিল বুলি জানিবলৈ দিছে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী ডেলফিন লৰেঞ্জানাই।

শেহতীয়া খৱৰ অনুসৰি, ৪০জনতকৈয়ো অধিক যাত্ৰীক জীৱন্তে উদ্ধাৰ কৰা হৈছে। তেওঁলোকৰ মাজৰ আহতসকলক চিকিৎসাৰ বাবে হাস্পাতালত ভৰ্তি কৰাৰ কথা জানিবলৈ দিছে দেশখনৰ সেনা বাহিনীৰ মুৰব্বী কিৰিলিটো ছবেজানাই।

ফিলিপাইনৰ বিমানবাহিনীৰ C130 বিমানখন দেওবাৰে চুলু প্ৰদেশৰ জুলু দ্বীপত অৱতৰণৰ মুহূৰ্ততে বিধ্বস্ত হয়।

বাতৰি অনুসৰি, বিধ্বস্ত বিমানখনৰ পৰা ১৭জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।