NORTHEAST NOW (Assamese)
অসম

অমিত শ্বাহৰ পাছত উত্তৰ প্ৰদেশ বিজেপিৰ অধ্যক্ষৰ শৰীৰত কোভিড-১৯

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 2, 2020 11:05 pm

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ শৰীৰত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পাছত দেওবাৰে উত্তৰপ্ৰদেশৰ বিজেপি অধ্যক্ষ সত্যেন্দ্ৰ দেৱ সিং ক’ৰ’না প’জিটিভ হোৱাৰ বাতৰি লাভ কৰা গৈছে।

উত্তৰপ্ৰদেশৰ বিজেপিৰ সভাপতি সতেন্দ্ৰ দেৱ সিঙে দেওবাৰে টুইটাৰযোগে ক’ৰ’না প’জিটিভ হোৱাৰ কথা উল্লেখ কৰে।

”চিকিৎসকৰ পৰামৰ্শ অনুসৰি মই বৰ্তমান নিজ গৃহত কোৱাৰেণ্টাইন হৈ আছো,” উত্তৰপ্ৰদেশৰ বিজেপিৰ অধ্যক্ষ গৰাকীয়ে টুইটাৰত এইদৰে লিখে।

উল্লেখযোগ্য যে, উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী কমল ৰাণী বৰুণৰ আজি কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হয়। তেওঁ ৰাজ্যখনৰ কাৰিকৰী শিক্ষা বিভাগৰ মন্ত্ৰী আছিল।

উত্তৰ প্ৰদেশ বিধানসভাৰ সদস্য কমল ৰাণী বৰুণ ইয়াৰ পূৰ্বে সাংসদো আছিল।

কমল ৰাণী বৰুণৰ মৃত্যুৰ কাৰণে মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে আজি অযোধ্যা যাত্ৰা বাতিল কৰে।