NORTHEAST NOW (Assamese)
অসম

বাপু দলনিত ব্যতিক্ৰমী পদক্ষেপ: হাতীৰ বাবে ৰুইছে কলপুলি, কৰিছে ধান খেতি

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা July 4, 2021 3:22 pm
d2

ৰাজ্যত দিনক দিনে বৃদ্ধি পাব ধৰিছে হাতী মানুহৰ সংঘাত।

বনাঞ্চলত খাদ্য সংকটত পৰি বনৰীয়া হাতীৰ জাক জনাঞ্চললৈ ওলাই আহি বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে বহু নিৰীহ লোকৰ প্ৰাণ কাঢ়ি নিছে।

এই হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে ওলাই আহিল কলিয়াবৰৰ এদল যুৱক ।

হাতে হাতে কল পুলি লৈ কলিয়াবৰৰ শিলঘাটৰ বাপু দলনিৰ ৰোপণ কৰিলে বনৰীয়া হাতীৰ খাদ্য কল পুলি।

শিলঘাট ৰবৰবাৰী অঞ্চলৰ উদীয়মান যুৱক সকলে হাতত লয় এই পদক্ষেপ ।

শিলঘাটৰ পৰা এক দুৰ্গম অঞ্চলত যুৱক সকলে মেচিন নাওৰ জড়িয়তে কল পুলি সমূহ লৈগৈ ৰোপণ কৰে বাপু দলনি নামৰ ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা বাপু দলনিত।

আনহাতেদি অহা বছৰলৈ হাতী মানুহৰ সংঘাত ৰোধৰ বাবে বাপু দলনিৰ বিস্তৃৰ্ণ এলেকাত ধান খেতি কৰাৰ কথাও উল্লেখ কৰে।

শিলঘাট ৰবৰবাৰীৰ যুৱকসকলে হাতী মানুহৰ সংঘাট ৰোধ কৰাৰ উদ্দেশ্যে হাতত লোৱা এনে পদক্ষেপক এতিয়া শলাগ লৈছে কলিয়াবৰবাসীয়ে ।