NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় মন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 7, 2021 7:05 pm
Sarbananda-Sonowal-ta

অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই কেন্দ্ৰীয় মন্ত্ৰী সভাত এগৰাকী মন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰে।

আজি শপতগ্ৰহণ অনুষ্ঠানত ৪৩ গৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰী হিচাবে শপত লয়।

বাতৰি যুগুত কৰা পৰলৈকে ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ অনুষ্ঠান চলি আছে।

ৰাষ্ট্ৰপতি ভৱনৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙকে ধৰি বহু আগশাৰীৰ নেতা।

সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰীসভাত কি দপ্তৰ দিয়ে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।