NORTHEAST NOW (Assamese)
অসম

চিৰাৰ মাজত সুৰা সৰবৰাহ! ৩০০ কাৰ্টন অৰুণাচলী সুৰা জব্দ

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম July 8, 2021 10:37 am
kk

সুৰা-ড্ৰাগছ আদিৰ সৰবৰাহত দুষ্ট চক্ৰই এতিয়া নিত্য নতুন কৌশল অৱলম্বন কৰিবলৈ লৈছে।

শেহতীয়াকৈ ধুবুৰী জিলাৰ চাপৰত আমৰ কাৰ্টনৰ মাজত নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ হোৱাৰ পিছত এইবাৰ চিৰাৰ বস্তাৰ মাজত ওলাল সুৰা।

বিশ্বনাথ জিলা আবকাৰী বিভাগৰ বৃহৎ সফলতা ।আজি পুৱতি নিশা প্ৰায় ৩০০ কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰা হয় ।

এখন ট্ৰাকত চিৰা বস্তাৰ লগত লৈ আহিছিল অৰুণাচলী সুৰাখিনি।

বিশ্বনাথ জিলাৰ আৱকাৰী বিভাগৰ চতিয়া চাৰ্কোলৰ সহ পৰিদৰ্শক জয়ন্ত বৰাৰ নেতৃত্বত চতিয়া আৰক্ষীৰ সহযোগত অভিযান চলোৱা হৈছিল।

WB 25J 3331 নম্বৰৰ ট্ৰাকখনত বান্দৰদোৱাৰ পৰা লৈ আহিছিল সুৰাখিনি।

গুৱাহাটীলৈ নিয়াৰ পথত চতিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে জব্দ কৰে অৰুণাচলী সুৰাখিনি।