NORTHEAST NOW (Assamese)
অসম

ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটত সম্পূৰ্ণ লকডাউন ঘোষণা

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন July 12, 2021 6:05 pm
IMG_20210712_161431

ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি গোলাঘাটত জিলা প্ৰশাসনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ক’ভিডৰ ভয়াবহ সংক্ৰমণৰ বাবে এসপ্তাহ পূৰ্বে সম্পূৰ্ণ কন্টেইমেন্ট জ’ন দিয়া জিলাখনত এইবাৰ সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে জিলা প্ৰশাসনে।

মঙ্গলবাৰৰ পৰা ২ দিনৰ বাবে সম্পূৰ্ণ লকডাউন হ’ব গোলাঘাট জিলাত।

অৰ্থাৎ ১৩ আৰু ১৪ জুলাইত গোলাঘাট জিলাত সকলো গেলামালৰ দোকান, শাক-পাচলি, ফলমূলৰ দোকান বন্ধৰ নিৰ্দেশ জাৰি কৰিছে গোলাঘাটৰ উপায়ুক্তই।

অৱশ্যে এই দুটা দিনত  দুগ্ধজাত সামগ্ৰীৰ দোকান আৰু ফাৰ্মাচী খোলা ৰাখিব পাৰিব।

জিলাখনত দৈনিক ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে  জিলা প্ৰশাসনে  জাৰি কৰিছে এই নিৰ্দেশ।