NORTHEAST NOW (Assamese)
অসম

হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ প্ৰয়াত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যশপাল শৰ্মা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 13, 2021 12:26 pm
WhatsApp Image 2021-07-13 at 12.09.56 PM

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যশপাল শৰ্মাৰ পৰলোকপ্ৰাপ্তি ঘটিছে। মঙলবাৰে পুৱা হঠাতে হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছতে শেষ নিশ্বাস ত্যাগ কৰে ৮৩’ৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অন্যতম সদস্যগৰাকী।

ক্ৰিকেটাৰ যশপাল শৰ্মাৰ বিয়োগত ক্ৰিকেট জগতত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৬বছৰ।

কপিলদেব নেতৃত্বত ৮৩’ৰ বিশ্বকাপ বিজয়ৰ অনত্যতম নায়ক আছিল যশপাল শৰ্মা। ফিল্ডিঙত অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰা তেওঁক বহুতেই বিশ্বকাপ বিজয়ী সেই দলটোৰ শ্ৰেষ্ঠ ফিল্ডাৰ আছিল বুলি কয়।

বিশ্বকাপৰ প্ৰথমখন মেচত ৮৯ৰাণৰ এক বিশাল ইনিংছ খেলিছিল যশপাল শৰ্মাই। শৰ্মাৰ সেই ইনিংছটোকেই মেচখনৰ টাৰ্নিং পইন্ট আছিল বুলি কোৱা হয়।

ইপিনে, যশপাল শৰ্মাৰ এনে আকস্মিক মৃত্যুত ম্ৰিয়মান হৈ পৰিছে তেওঁৰ সতীৰ্থ খেলুৱৈ তথা ৮৩’ৰ বিশ্বকাপ বিজয়ী দলৰ অধিনায়ক কপিল দেৱ।