NORTHEAST NOW (Assamese)
অসম

বনধ্বংসৰ পৰিণাম:গোলাঘাটত কপিকুল আৰু মানুহৰ তয়াময়া ৰণ 

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন July 15, 2021 10:47 am
mon

বনধ্বংস যজ্ঞই মানুহৰ জীৱনলৈ চৰম সংঘাত কঢ়িয়াই অনা পৰিপ্ৰেক্ষিতত  গোলাঘাট  এখন অগতানুগতিক  ছবি প্ৰতিফলিত হ’ল।শেহতীয়াক

বাসস্থান আৰু খাদ্যৰ  অভাৱত  জনসমাবেশলৈ ওলাই অহা কপিকুলে এইবাৰ প্ৰত্যক্ষ সংঘৰ্ষত লিপ্ত হ’ল   গোলাঘাট চহৰত।

ক্ৰমে হিংস্ৰ হৈ পৰা   কপিকুলে এইবাৰ   মানুহলৈ লক্ষ্য কৰি  আক্ৰমণ আৰম্ভ কৰিলে  ।

গোলাঘাট নগৰৰ মাজমজিয়াত প্ৰায় চাৰি ঘন্টা ধৰি মানুহ আৰু কপিকুলৰ মাজত চলিল এই তয়াময়া ৰণ।

মূলতে  বিপদত পৰা বান্দৰৰ দলটোৰ এজন সতীৰ্থক উদ্ধাৰৰ বাবে আপ্ৰাণ চেষ্টা চলাইছিল এই কপিকুলৰ দলটোৱে ।

ঘটনাৰ সবিশেষ অনুসৰি ,  গোলাঘাট নগৰৰ শ্যাম ফেঞ্চি ষ্ট’ৰৰ চাটৰ ওপৰত এটা বান্দৰ খাদ্যৰ সন্ধানত আহি  টিনপাতত লাগি থকা ৰছীত এখন ভৰি লাগি  যোৱাত  লৰচৰ কৰিব নোৱাৰা হ’ল ।

সমগ্ৰ ঘটনাটো প্ৰত্যক্ষ কৰি থকা একাংশ মানুহে  বিপদত পৰা কপিকুলক উদ্ধাৰৰ চেষ্টা কৰিছিল যদিও   মানুহক বিশ্বাসত লব নোৱাৰি বাৰে বাৰে খেদি আহিছিল  বান্দৰ দলটোৱে।

অধিক  হিংস্ৰ হৈ পৰা কপিকুলে এবাৰ মানুহলৈ চোঁচা লয় আকৌ মানুহৰ দলটোৱে কপিকুলৰ দলটোলৈ চোঁচা লয়।

এইদৰে প্ৰায় চাৰি ঘণ্টা ধৰি চলিল বান্দৰ আৰু মানুহৰ এই বিৰল যুঁজখন।

অৱশেষত বনবিভাগৰ দল আহি উপস্থিত হোৱাৰ পিছতহে দুয়োপক্ষৰ মাজৰ হোৱা সংঘাতৰ যেন  অন্ত পৰিল ।

শেষত অতি  কৌশলেৰে বনবিভাগৰ লোকে উদ্ধাৰ কৰে ৰচীত লাগি থকা আঘাতপ্ৰাপ্ত  বান্দৰটোক। আৰু  প্ৰায়   চাৰি ঘন্টাজুৰি চলি থকা কপিকুল আৰু মানুহৰ যুজঁ খনৰ তেতিয়াহে অন্ত পৰে। গোলাঘাট চহৰখনত ক্ৰমাৎ বৃদ্ধি পোৱা কপিকুলৰ লগত মানুহৰ সহাৱস্থান এক সাধাৰণ কথা হৈ পৰিছিল যদিও আজি দুয়োপক্ষৰ মাজত হোৱা এই ৰণখনে এক ৰোমাঞ্চকৰ পৰিবেশৰ সৃষ্টি কৰে।