NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলত দ’ খাৱৈত বাগৰিল সেনাৰ বাহন, এজন জোৱান নিহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 15, 2021 11:18 am
Indian-Army-launches

অৰুণাচলত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰাজ্য খনৰ আপাৰ চিয়াং জিলাত সেনা জোৱান কঢ়িয়াই নিয়া এখন বাহন পাহাৰৰ দ’ খাৱৈত বাগৰি পৰাৰ ফলত এজন জোৱানৰ মৃত্যু ঘটাৰ লগতে ১০ জন জোৱান গুৰুতৰ ভাবে আহত হয় ।

আহতসকলৰ ভিতৰৰে চাৰিজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে বাহন খনে মিগিঙৰ সেনা শিৱিৰৰ পৰা টুটিঙৰ সেনা শিৱিৰলৈ গৈ আছিল।

পাংগ’ আৰু টুটিঙৰ পাহাৰীয়া অঞ্চলৰ মাজত সেনাৰ বাহন খন দ’ খাৱৈত বাগৰি পৰে।

এই দুৰ্ঘটনাত চতুৰ্থ শিখ লাইট ইনফ্ৰেণ্টিৰ এজন জোৱানৰ থিতাতে মৃত্যু ঘটে। আহত জোৱান কেইজনক হেলিকপ্তাৰেৰে উদ্ধাৰ কৰি এজনক তিনিচুকীয়া জিলাৰ দিনজান সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বাকী তিনি জন জোৱানক গুৱাহাটীৰ সেনা চিকিৎসালয়লৈ অনা হৈছে।