NORTHEAST NOW (Assamese)
অসম

‘ধনৰ বিনিময়ত নম্বৰ’ কেলেংকাৰীত শাস্তিৰ পৰিৱৰ্তে পুৰস্কৃত শিক্ষা বিষয়া! সৰৱ হ’ল আছু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 19, 2021 9:36 am
Education-scam-750x360

মেট্ৰিক পৰীক্ষাৰ মূল্যায়ন কেলেংকাৰীত জড়িত হোৱাৰ অভিযোগত জেৰাৰ সন্মুখীন হোৱা কামৰূপ (গ্রাম্য) জিলাৰ বিদ্যালয় পৰিদর্শক মাধৱ ডেকাক চৰকাৰে শাস্তিৰ পৰিৱৰ্তে পুৰস্কৃতহে কৰিলে।

শনিবাৰে আৰক্ষীয়ে ‘ধনৰ বিনিময়ত নম্বৰ’ কেলেংকাৰীত শিক্ষা বিষয়া মাধৱ ডেকাক আটক কৰি জেৰাৰ বাবে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ অনা হৈছিল।

কিন্তু বিষয়াগৰাকীক শাস্তিতো দূৰৰে কথা পুৰস্কৃত কৰাৰহে অভিযোগ উঠিছে।

চৰকাৰৰ শিক্ষা বিভাগে শিক্ষা বিষয়াগৰাকীক শাস্তিমূলক ব্যৱস্থা গ্রহণৰ পৰিৱর্তে সুৰক্ষাহে প্ৰদান কৰা দেখা গৈছে।

শনিবাৰে উন্মোচিত হোৱা কেলেংকাৰীৰ ঘটনাৰ পাছতে বিদ্যালয়সমূহৰ পৰিদৰ্শক মাধৱ ডেকাক শিক্ষা বিভাগে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ উপ-সঞ্চালক পদলৈ বদলি কৰিছে।

আনহাতে, কামৰূপ জিলাৰ প্রাথমিক শিক্ষা বিষয়া অপূর্ব ঠাকুৰীয়াক জিলাখনৰ বিদ্যালয় পৰিদর্শক হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে৷

বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়তে ধনৰ বিনিময়ত এটা চক্রই মেট্রিকৰ নম্বৰ প্রদানৰ জালিয়াতিত লিপ্ত হোৱা আৰু আৰক্ষীৰ তদন্ত অব্যাহত থকাৰ মাজতে আটকাধীন পৰিদর্শক মাধৱ ডেকাক আৰক্ষীয়ে মুকলি কৰি দিয়াত ৰহস্যৰ সৃষ্টি হৈছে।

সেয়াই নহয়, বিষয়াগৰাকীক শিক্ষা বিভাগে উপ-সঞ্চালকৰ দৰে গুৰুত্বপূর্ণ পদতো অধিষ্ঠিত কৰিছে৷ এইদৰে শিক্ষা বিভাগে মেট্রিকৰ মূল্যায়নক  লৈ চলা কেলেংকাৰী তথা অভিযুক্তক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে।

ইপিনে, মেট্রিক পৰীক্ষাৰ ফলাফলক লৈ কামৰূপ জিলাৰ বিদ্যালয় পৰিদর্শকৰ কার্যালয়ত সংঘটিত কাণ্ডত প্ৰতিক্ৰিয়া প্রকাশ কৰিছে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই।

ড০ ভট্টাচার্যই কয়, ‘ছাত্র-ছাত্রীক ন্যায় দিবলৈ চৰকাৰ, ছেবা আৰু সংসদক আহবান জনাইছোঁ৷’

ছাত্র-ছাত্রীৰ ভৱিষ্যতক লৈ হেতালি খেলা কেতিয়াও সহ্য কৰা নহ’ব বুলি সকীয়াই দিয়ে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে৷