NORTHEAST NOW (Assamese)
অসম

আজি পবিত্ৰ ঈদ, ক’ভিড বিধি মানি ইছলামধৰ্মী লোকে ঘৰতে পঢ়িলে নামাজ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ July 21, 2021 1:45 pm
mojk

আজি পবিত্ৰ ঈদ।

কিন্তু ক’ৰ’নাতংকৰ বাবেই ঈদৰ উচাহত যেন বহু পৰিমাণে য’তি পৰিছে।চৰকাৰে বান্ধি দিয়া ক’ভিড বিধি মানি ৰাজ্যৰ ইছলামধৰ্মী লোকসকলে ঈদ উদযাপন কৰিছে।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো আজি ইছলাম ধৰ্মীয় লোকসকলে পালন কৰিছে পবিত্ৰ ঈদ-উল-আজহা।
বিগত বৰ্ষৰ দৰে এইবাৰো ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুৱা মজিদত সমজুৱা নামাজৰ পৰিবৰ্তে পৰিয়াল সমূহে ঘৰে ঘৰে পঢ়ে নামাজ।

সামাজিক দূৰত্ব বজাই ৰাখি ঘৰৰ ভিতৰতে নামাজ পঢ়ি বিশ্ব শান্তিৰ কামনা কৰে ইছলামধৰ্মীয় লোকসকলে।
কৰোণা মহামাৰী যাতে দূৰ হয়,তাৰো কামনা কৰে।

ইপিনে উজনি অসম মুছলিম কল্যাণ পৰিষদে ঈদ উপলক্ষে কুৰবানীৰ ক্ষেত্ৰত চৰকাৰে ধাৰ্য কৰা নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে।