NORTHEAST NOW (Assamese)
অসম

চিআইডিৰ গোচৰত ৰাকেশ পালৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 22, 2021 7:21 pm
paul-750x375

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা (চিআইডি)ৰ গোচৰত আজি অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে।

অৱশ্যে চিআইডিৰ গোচৰত জামিন পালেও কাৰাগাৰৰ পৰা ওলাব নোৱাৰে ৰাকেশ পাল।

তেওঁৰ বিৰুদ্ধে থকা ভঙাগড় থানাৰ গোচৰটোত তেওঁ এতিয়াও জামিন লাভ কৰা নাই। সেয়ে, তেওঁ এতিয়াও কাৰাগাৰাতে থাকিব লাগিব।

উল্লেখ্য যে  ২০১৬চনৰ নৱেম্বৰত এপিএছচি কেলেংকাৰি গোচৰত গ্ৰেপ্তাৰ হৈছিল আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল।

ইতিমধ্যে এই গোচৰত অভিযুক্ত বহুকেইগৰাকী বিষয়াই চাকৰি হেৰুওৱাৰ উপৰি জে’লত কাৰাবাস খাটিবলগীয়াও হৈছে।