NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত আজি কিমান আক্ৰান্ত হ’ল ক’ভিডত? মাৰাত্মক ভাইৰাছত প্ৰাণ হেৰুৱালে কিমানজনে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 22, 2021 7:59 pm

সংক্ৰমণৰ ধাৰা অব্যাহত থকাৰ মাজতে আজিৰ দিনটোত ৰাজ্যখনত ক’ভিড পজিটিভিটিৰ হাৰ ২ শতাংশৰ তললৈ নামিছে।

আজিৰ দিনটোত ৰাজ্যখনত ক’ভিডত ২২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১৭৯৬ গৰাকী লোক। এই সময়ছোৱাত ১,৫৯,৫৪৫ টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ২২৬ গৰাকী লোক ।

ক’ভিড পজিটিভিটিৰ হাৰ হৈছে ১.১৩ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৬.১৬ শতাংশ।

ৰাজ্যখনৰ সামগ্ৰিক কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এসপ্তাহৰ বাবে জাৰি কৰা নতুন এছঅ’পি বলৱৎ হৈ আছে।

মঙলবাৰে পুৱা ৫ বজাৰ পৰা এসপ্তাহৰ বাবে সম্পুৰ্ণ কণ্টেইনমেণ্টত জিলা হিচাপে ঘোষণা কৰা হৈছে গোলাঘাট, যোৰহাট, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰক।

মৰিগাঁও আৰু গোৱালপাৰা জিলাৰ ক্ষেত্ৰত নিয়ম কিছু শিথিল কৰা হৈছে।

ৰাজ্যত বুধবাৰে পজিটিভিটিৰ হাৰ ২ শতাংশৰ ওপৰলৈ যোৱাৰ কথাই বহুতকে চিন্তিত কৰি তুলিছিল যদিও আজি পুনৰ পজিটিভিটিৰ হাৰ নিম্নগামী হোৱা দেখা গৈছে।

আনহাতে, কামৰূপ মেট্ৰ’ত পুনৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।