NORTHEAST NOW (Assamese)
অসম

দিখৌ নৈৰ মথাউৰি মেৰামতিত চৰম গাফিলতি জলসম্পদ বিভাগৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ July 23, 2021 3:19 pm
bonnn23

শিৱসাগৰৰ ৯ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত দিখৌ নদীৰ মথাউৰি মেৰামতিৰ ক্ষেত্ৰত চৰম গাফিলতি প্ৰদৰ্শন কৰিছে জলসম্পদ বিভাগে ।

ইয়াৰ উপৰিও মথাউৰিটোৰ বিভিন্ন অংশত একাংশ লোকে দখল কৰি জেওৰা পৰ্যন্ত দিছে যদিও নীৰৱ দৰ্শক হৈ আছে সংশ্লিষ্ট বিভাগ আৰু প্ৰশাসন।

দখলৰ ফলত মথাউৰিটো বহু ঠেক হৈ পৰাত যাতায়াত কৰাৰ ক্ষেত্ৰতো গুৰুতৰ সমস্যাৰ উদ্ভৱ হৈছে।

এই বিষয়ে ২০১৯ চনতে স্মাৰকপত্ৰৰ যোগেদি শিৱসাগৰ জল সম্পদ বিভাগক অৱগত কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

কিন্তু বিগত দুবছৰে স্মাৰক পত্ৰত উল্লেখিত উক্ত সমস্যা সমূহ সমাধানত তিল মানো গুৰুত্ব নিদিয়া বুলি ক্ষোভ প্ৰকাশ কৰিছে কৃষক মুক্তিৰ আমোলাপট্টী আঞ্চলিক সমিতিয়ে ।

শুকুৰবাৰে কৃষক মুক্তিৰ এটা সঁজাতি দল শিৱসাগৰ জল সম্পদ বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ দিখৌ মথাউৰিটোৰ পুনৰ নিৰ্মাণ আৰু বেদখল মুক্ত কৰিবলৈ কি পদক্ষেপ লৈছে সেয়া জানিব বিচাৰে যদিও বিষয়টোক লৈ বভিাগীয় বিষয়াই  তুলুঙা মন্তব্যহে কৰা বুলি    প্ৰকাশ কৰিছে।