NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত আজি কিমান আক্ৰান্ত হ’ল ক’ভিডত? মাৰাত্মক ভাইৰাছত প্ৰাণ হেৰুৱালে কিমানজনে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 23, 2021 8:37 pm
Covid19-positive-750x375

ৰাজ্যত আজিৰ দিনটোত কোভিড পৰিস্থিতিৰ যথেষ্ট উন্নতি ঘটা পৰিলক্ষিত হৈছে।

আজিৰ দিনটোত ৰাজ্যখনত ক’ভিড পজিটিভিটিৰ হাৰ ২ শতাংশৰ তললৈ নামিছে।

আজিৰ দিনটোত ৰাজ্যখনত ক’ভিডত ১৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১৬২১ গৰাকী লোক। এই সময়ছোৱাত ১,৪৭,১৭৫ টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১৮৮ গৰাকী লোক ।

ক’ভিড পজিটিভিটিৰ হাৰ হৈছে ১.১০ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৬.২২ শতাংশ।

ৰাজ্যখনৰ সামগ্ৰিক কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এসপ্তাহৰ বাবে জাৰি কৰা নতুন এছঅ’পি বলৱৎ হৈ আছে।

মঙলবাৰে পুৱা ৫ বজাৰ পৰা এসপ্তাহৰ বাবে সম্পুৰ্ণ কণ্টেইনমেণ্টত জিলা হিচাপে ঘোষণা কৰা হৈছে গোলাঘাট, যোৰহাট, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰক।

মৰিগাঁও আৰু গোৱালপাৰা জিলাৰ ক্ষেত্ৰত নিয়ম কিছু শিথিল কৰা হৈছে।

শেহতীয়াকৈ পজিটিভিটিৰ হাৰ ২ শতাংশৰ ওপৰলৈ যোৱাৰ কথাই বহুতকে চিন্তিত কৰি তুলিছিল যদিও আজি পুনৰ পজিটিভিটিৰ হাৰ নিম্নগামী হোৱা দেখা গৈছে।