NORTHEAST NOW (Assamese)
অসম

‘আত্মসমৰ্পন নহয়, যুদ্ধ বিৰতিহে’; পুলিচেই পলুৱাই পঠিয়াইছিল দুৰ্ধৰ্ষ NLFB নেতা এম বাথাক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 23, 2021 8:50 pm
batha

কালি অৰ্থাৎ বৃহস্পতিবাৰে ২২ NLFB নেতাই আত্মসমৰ্পন কৰা বুলি ঢাক ঢোল বজাই প্ৰচাৰ চলোৱাৰ বিপৰীত ছবি পোহৰলৈ আহিল এম বাথাৰ এক মন্তব্যৰ পাছত। পিছে চৰকাৰৰ সৈতে শান্তি আলোচনাৰ বাবেহে যুদ্ধ বিৰতি ঘোষণা NLFB ৰ গৰাকী কেডাৰৰ।

শুকুৰবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ সৈতে হোৱা এক সৌজন্যমূলক সাক্ষাতৰ পূৰ্বে সংবাদ মাধ্যমৰ কেমেৰাৰ আগত মহাবিস্ফোৰণ ঘটায় NLFB প্ৰধান এম বাথাই।

তেওঁৰ মতে আৰক্ষীয়েই তেওঁক পুনৰ পলায়ন কৰাত সহায় কৰিছিল।‘

‘মোক পুলিচে পলাবলৈ দিছিল। মোৰ লগত দুটা পুলিচ দিয়া হৈছিল কিন্তু ৩ জানুৱাৰীৰ দিনা ৰাতি ১২ টাত মোক পলাবলৈ  দিছিল, মই পলাইছো।‘ সংবাদ মাধ্যমৰ আগত এই মহা বিস্ফোৰণ ঘটাই NLFB প্ৰধান এম বাথাই।

ইপিনে, শীৰ্ষ আৰক্ষীয়ে তেওঁক কুকুৰক কৰা ব্যৱহাৰৰ দৰে কৰা বুলি গুৰুতৰ অভিযোগ তুলি বাথাই কয় ‘যোৱা বাৰ আমাক ইমান সন্মান দিছিল। তাৰ পাছত কুকুৰৰ নিচিনা ব্যৱহাৰ কৰিছে পুলিচে, কুকুৰ-মেকুৰীৰ দৰে গালি দিছিল। মাহত তিনি-চাৰিবাৰ ৰাতি ১২ বজাতো ঘৰৰ পৰা উঠাই লৈ আনে। ৰাণীখাটাৰ সেইসময়ৰ অ’চিয়ে মোক ৰাতি ১২ বজাত পলাবলৈ দিছে। IGP আগৰৱালাৰ ফৰ্মুলা নে SP ৰ ফৰ্মুলাত কিয় ৰাভা অ’চিয়ে পলাবলৈ দিছিল? তেওঁলোকৰ ব্যৱহাৰো ভাল পোৱা নাছিলো।’

ইপিনে, বাথাক কিয় পুনৰ পলুৱাই পঠিওৱা হৈছিল সেয়া বৰ্তমানো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

ইপিনে, আত্মসমৰ্পন কৰা নাই বুলি স্পষ্ট কৰি দি বাথাই আৰু কয় ‘আমাৰ জেইলত যিকেইজন নেতা আছে তেওঁলোকক মুক্তি দিয়া আৰু বিটিআৰ চুক্তিৰ বাকী দফা কাৰ্যকৰী  কৰিব লাগিব। তেতিয়ালৈকে আমি যুদ্ধ বিৰতি ঘোষণা কৰিছো।‘

তদুপৰি, বাথাৰ লগত এতিয়াও ২০০ গৰাকী NLFB কেডাৰ থকা বুলি উল্লেখ কৰে বাথাই।

ইয়াৰ লগতে তেওঁ কয় ‘মই য’ত আছিলো তাত এতিয়ালৈকে অপাৰেশ্যন চলাবই পৰা নাই। মই ম্যানমাৰ-নাগালেণ্ড সীমান্তত আছিলো।‘