NORTHEAST NOW (Assamese)
অসম

বিজেপিলৈ মানকাচৰৰ আমিনুল ইছলাম; সভাপতি ৰঞ্জিত দাসে দললৈ আদৰিলে প্ৰাক্তন বিধায়কজনক

Posted by: এন ই নাও নিউজ March 30, 2018 9:13 pm

বিজেপি দলত যোগ দিলে ধুবুৰীৰ মানকাচৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক আমিনুল ইছলামে। দক্ষিণ শালমাৰাত আজি ৩০ মাৰ্চত অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ইছলামক দললৈ আদৰে।

বিজেপি সভাপতি ৰঞ্জিত দাসে আজি টুইটাৰযোগে ‘অগপ চৰকাৰৰ কেবিনেট মন্ত্ৰী আৰু মানকাচৰৰ দুবাৰৰ বিধায়ক আমিনুল ইছলামক মই আদৰণি জনাইছো’ বুলি সদৰী কৰিছে। ৰাজ্যিক বিজেপিয়েও টুইটাৰযোগে এই কথা জনাইছে।

assam bjp president ranjit das welcomes former minister & mla aminul islam to bjp

১৯৮৫ চনত নিৰ্দলীয়ভাৱে আৰু ১৯৯৬ চনত অগপৰ প্ৰাৰ্থী হিচাপে আমিনুল ইছলাম মানকাচৰ সমষ্টিৰ পৰা জয়ী হৈছিল।