NORTHEAST NOW (Assamese)
অসম

শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ বাসগৃহৰ সন্মুখৰ সমাধিস্থলীত কাৰ্গিল বিজয় দিৱস উদযাপন

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন July 26, 2021 2:38 pm
IMG_20210726_132454

আজি ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস। ১৯৯৯ চনৰ আজিৰ দিনটোতেই ভাৰতীয় সেনাই দেশৰ অখণ্ডতা ৰক্ষা কৰি কাৰ্গিলৰ উচ্চ শিখৰত বিজয় ধ্বজা উৰুৱাইছিল।

এই দিনটোতেই চিৰবৈৰী পাকিস্তানক ভাৰতৰ ভূমিৰ পৰা খেদি পঠিয়াইছিল ভাৰতীয় সেনাই।

সেইসময়ত কাৰ্গিলৰ উচ্চ শিখৰত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰি শ্বহীদ হৈছিল অসমৰ সু-সন্তান গোলাঘাট খুমটাইৰ কেপ্তেইন জিন্টু গগৈয়ে।

১৯৯৯ চনৰে পৰা বীৰ গৰাকীক সন্মান জনাই প্ৰতিবছৰ ২৬ জুলাই তাৰিখে উদযাপন কৰি আহিছে কাৰ্গিল বিজয় দিৱসটি।

এইবাৰো কৰ’নাৰ ভয়াৱহতাৰ মাজতে খুমটাইৰ কেপ্তেইন জিন্টু গগৈৰ বাসগৃহৰ সন্মুখৰ সমাধিস্থলীত উদযাপন কৰা হয় ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস।

পিতৃ ঠগিৰাম গগৈ, মাতৃ দুলুপ্ৰভা গগৈৰ অনুপস্থিতি সত্বেও গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত পৰিয়ালৰ আন সদস্য তথা জাচিংফা লেখিকা সমাৰোহ সমিতিৰ সহযোগত পালন কৰা হয় কাৰ্গিল বিজয় দিৱস।

বিজয় দিৱসৰ প্ৰথমটো কাৰ্যসূচী অনুযায়ী ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই। সমাধিত বন্তি প্ৰজ্বলন কৰে নুমলীগড় দিল্লী পাব্লিক স্কুলৰ অধ্যক্ষ উমেশ চন্দ্ৰ হৰব’লা আৰু বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে গোলাঘাট গাৰ্লছ এন চি চিৰ কামাণ্ডেন্ট এচ এচ শিৱাটচ।

শ্বহীদ গৰাকীৰ পিতৃ মাতৃ গুৱাহাটীত ৰাজ্যিকভাৱে উদযাপন কৰা কাৰ্গিল বিজয় দিৱসত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ বাবে এইবাৰ নিজৰ বাসগৃহত উদযাপন কৰা বিজয় দিৱসত উপস্থিত থাকিব নোৱাৰিলে।

পৰিতাপৰ কথা যে পৰিয়ালটোৱে  প্ৰতিবছৰে নিজৰ গাঁঠিৰ ধন ভাঙি কাৰ্গিল বিজয় দিৱস উদযাপন কৰি আহিছিল যদিও এইবাৰ গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই  জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰিলে এই বিজয় দিৱসটো।