NORTHEAST NOW (Assamese)
অসম

বঞ্চনা: চৰকাৰৰ বিৰুদ্ধে পুনৰ জাগিছে অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক July 26, 2021 6:21 pm
bun

আজি তামুলপুৰৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত ধৰ্ণা দি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা সমিতিৰ অধীনৰ তামুলপুৰ আঞ্চলিক অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকাই ।

তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্য্যালয়ৰ সন্মুখত অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকাৰ সহযোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে অঙ্গনবাড়ী কৰ্মী-সহায়িকা সকলৰ মাননী বৃদ্ধি,  পেঞ্চনৰ ব্যৱস্থা নোহোৱালৈকে কৰ্মী সকলক পাঁচ লাখ টকা আৰু সহায়িকা সকলক তিনি লাখ টকা অৱসৰকালীন সাহায্য প্ৰদান কৰা,  অঙ্গনবাড়ী কেন্দ্ৰ সমূহৰ আন্তঃগাঠনি  নিৰ্মাণ কৰা , অতিৰিক্ত মাননি বৃদ্ধি কৰাকে আদি কৰি বিভিন্ন দাবীৰে শ্লোগান দি তামুলপুৰৰ পৰিবেশ উত্তাল কৰি তোলে।