NORTHEAST NOW (Assamese)
অসম

চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ প্ৰধানমন্ত্ৰীৰ ভাতৃৰ! কিয় এই হুংকাৰ দিলে প্ৰহ্লাদ মোদীয়ে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 31, 2021 10:46 am
Prahlad Modi

এইবাৰ একেলগে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাতৃ তথা অল ইণ্ডিয়া ফেয়াৰ প্ৰাইচ ডিলাৰ্ছ এছ’চিয়েশ্যনৰ উপ সভাপতি প্ৰহ্লাদ মোদীয়ে।

প্ৰহ্লাদ মোদীয়ে ৰেচন ব্যৱসায়ীসকলক তেওঁলোকৰ দাবী চৰকাৰৰ ওচৰত সটিকভাৱে দাঙি ধৰিবলৈ পৰামৰ্শ দিছে। তাৰপাছতো যদি চৰকাৰে তেওঁলোকৰ দাবী নামানে তেতিয়াহ’লে তেওঁলোকক জিএছটি দিবলৈ বাৰণ কৰিছে।

প্ৰধানমন্ত্ৰীৰ ভাতৃৰ এই বিদ্ৰোহে স্বাভাৱিকতে কেন্দ্ৰৰ বিজেপি চৰকাৰক অস্বস্তিত পেলাইছে।

মহাৰাষ্ট্ৰ ট্ৰেডাৰ্ছ এছ’চিয়েশ্যনৰ এক অনুষ্ঠানত শুকুৰবাৰে প্ৰহ্লাদ মোদীয়ে ৰেচন ব্যৱসায়ীসকলৰ পক্ষ লৈ একপ্ৰকাৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দিয়ে।

প্ৰহ্লাদ মোদীয়ে কয়,’’সঠিকভাৱে প্ৰতিবাদ কৰক। নৰেন্দ্ৰ মোদীয়েই হওক বা উদ্ধৱ থাকৰেই হওক সকলোৱে আপোনালোকৰ কথা শুনিব লাগিব। আমি গণতান্ত্ৰিক দেশত বাস কৰো, কাৰো গোলামি নকৰো।‘’

দৰাচলতে লকডাউনৰ ফলত মহাৰাষ্ট্ৰৰ বহু ব্যৱসায়ী ক্ষতিগ্ৰস্ত হৈছে। প্ৰহ্লাদ মোদীয়ে তেওঁলোকৰ দাবী-আপত্তিক লৈ সৰৱ হৈ পৰিছে।

অল ইণ্ডিয়া ফেয়াৰ প্ৰাইচ ডিলাৰ্ছ এছ’চিয়েশ্যনৰ উপ সভাপতি প্ৰহ্লাদ মোদী। সমগ্ৰ দেশতে প্ৰায় চাৰে ছয় লাখ ফেয়াৰ প্ৰাইচ চপ ডিলাৰ তেওঁৰ সংগঠনটোৰ সৈতে জড়িত।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাতৃ প্ৰহ্লাদ মোদীয়ে পূৰ্বৰে পৰা কেন্দ্ৰীয় চৰকাৰৰ একাধিক নীতিৰ বিৰুদ্ধে মাত মাতি আহিছে।

ইয়াৰ আগেয়ে তেওঁ কেন্দ্ৰৰ বিৰুদ্ধে কৰা আন্দোলনৰ বাবে গ্ৰেপ্তাৰো হ’বলগীয়া হৈছিল।

বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ‘জেল ভৰো’ আন্দোলনৰ হুংকাৰ দিছিল প্ৰহ্লাদ মোদীয়ে। সেইবাৰ তেওঁ ৰেচন ডিলাৰ সংগঠনৰ পৰা কেন্দ্ৰীয় চৰকাৰক সকীয়নি দিছিল।

প্ৰহ্লাদ মোদীয়ে অভিযোগ কৰিছিল যে কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বাবেই দেশত ৰাজহুৱা আৱন্টন ব্যৱস্থা উঠি যাব ধৰিছে। খাদ্যৰ অধিকাৰ সংবিধান স্বীকৃত যদিও কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বাবে দেশৰ এক বৃহৎ সংখ্যক লোক এনে অধিকাৰৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।