NORTHEAST NOW (Assamese)
অসম

তামুলপুৰৰ গান্ধীবাৰীত কোভিড সংক্ৰমণৰ আশংকা বৃদ্ধি কৰি ভেকচিন ল’বলৈ হিল-দল ভাঙি ওলাই আহিল মানুহ

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক August 1, 2021 6:25 pm
kka

যি ভেকচিনৰ জৰিয়তে কোভিড ৰোধৰ চেষ্টা কৰা হৈছে সেই ভেকচিন গ্ৰহণ কৰিবলৈ আহিয়েই তামুলপুৰত  বহুলোকে বৃদ্ধি কৰিলে কোভিড সংক্ৰমণৰ আশংকা।

বাক্সাৰ তামুলপুৰ মহকুমাৰ গান্ধীবাৰীত ভেকচিন লোৱাৰ নামত সৃষ্টি হ’ল অভাৱনীয় পৰিৱেশ।

কোনো অসমীয়া ভ্ৰাম্যমান জগতৰ নাটক চাবলৈ নাইবা অসমীয়া হিট বোলছবি চাবলৈ অহা লোকৰ ভিৰ লগা  দৃশ্য যেন লাগিলেও আচলতে সেয়া নহয়। এনে দৃশ্য সততে দেখা যায় নামনি অসমৰ নলবাৰীৰ ৰাসতহে।

কিন্তু এইয়া নলবাৰীৰ ৰাসত নাটক চাবলৈ আহি ভিৰ কৰা দৃশ্য ও নহয় এয়া। এয়া হৈছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ গান্ধীবাৰীৰ এটি কোভিড ১৯  ভেকচিন প্ৰদান কেন্দ্ৰৰ এটি ভয়লগা দৃশ্য।

এইদৰে গান্ধীবাৰী অঞ্চলৰ পুৰুষ-মহিলা, যুৱক-যুৱতীকে ধৰি কোভিড ১৯ ৰ  ভেকচিন লবলৈ আহি ভিৰ কৰা দেখা গৈছে। নাই কোনো সামাজিক দূৰত্ব। ভেকচিন লবলৈ অহা লোকক নিয়ন্ত্ৰণ কৰিবলৈ মোতায়েন কৰিব লগা হৈছে আৰক্ষী।

কিছুদিন পূৰ্বে গান্ধীবাৰী অঞ্চলৰ কেইবাখনো গাঁওত ৰেড জন চিহ্নিত কৰি কণ্টেইনমেন্ট জন হিচাপে ঘোষণা কৰা হৈছিল।

কোভিড ভেকচিন লবলৈ আহি এনে ভয়াৱহ পৰিস্থিতিৰ সৃষ্ট হোৱাৰ পিছত অঞ্চলটোত পুনৰ কোভিডৰ ভয়াৱহ সংক্ৰমণ হোৱাৰ আশংকা নুই কৰিব নোৱাৰি।