NORTHEAST NOW (Assamese)
অসম

টীয়কত চলন্ত ভানৰ পৰা পেলাই থৈ গ’ল যুৱকক; হাস্পাতালত ভৰ্তি

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক August 2, 2021 6:59 am
youth throw out from van in Teok

যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত টীয়ক চাহ বাগিচা তিনিআলিৰ সমীপত দেওবাৰে সন্ধিয়া এখন চলন্ত মাৰুতি ভানৰ পৰা এজন যুৱকক পেলাই থৈ যোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, নীলা ৰঙৰ শিৱসাগৰ অভিমুখী মাৰুতি ভান খনৰ পৰা উক্ত স্থানত যুৱকজন পৰি যোৱা প্ৰত্যক্ষ কৰে স্থানীয় এজন লোকে।

যুৱকজনক গাড়ীৰ পৰা পেলাই থৈ ভানখন তীব্ৰ বেগেৰে ঘটনাস্থলীৰ পৰা জাঁজী অভিমুখে আতৰি যায়।

ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰি টীয়ক এফ আৰ ইউলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।

আহত যুৱকজনৰ ঘৰ শিৱসাগৰ জিলাৰ আমগুৰি দেওধাই গাঁৱৰ ৰঞ্জন গুৱালা বুলি জানিব পৰা গৈছে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।