NORTHEAST NOW (Assamese)
অসম

বুধবাৰে ১১ বজাত বিধানসভাৰ অধিৱেশন স্থগিত ৰাখি লাভলীনাক সমৰ্থন জনাব সদনে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 3, 2021 4:07 pm
lovelibna_1627365213542_1627365220601

বুধবাৰৰ পৰা পুনৰ অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হ’ব।

দিনৰ ১১ বজাত অধিৱেশন স্থগিত ৰাখি লাভলীনাক সমৰ্থন জনাব সদনে।

মুঠতে ৩০ মিনিটৰ বাবে সদন স্থগিত ৰখা হ’ব।

অসম বিধান সভাৰ অধ্যক্ষক এই প্ৰস্তাৱ দিছিল উপাধ্যক্ষ ডাঃ নোমল মমিনে।

বুধবাৰে এইদৰে অলিম্পিকৰ ইতিহাসৰ সাক্ষী হ’বলৈ সাজু হৈছে অসম বিধানসভা।

বুধবাৰৰ দিনটো দেশৰ বাবে এক ঐতিহাসিক দিন হিচাপে চিহ্নিত হ’ব।

উল্লেখ্য যে অলিম্পিকৰ ছেমি ফাইনেলত অসমৰ লাভলীনা বৰগোঁহাই তুৰ্কীৰ বুচানেজ চুৰমেনেলীৰ মুখামুখি হ’ব।