NORTHEAST NOW (Assamese)
অসম

প্ৰথম দিনা ১৮৩ ৰাণত অলআউট ৰুটবাহিনী; এটাও উইকেট নেহেৰুৱাকৈ ভাৰতৰ ২১ ৰাণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 5, 2021 7:37 am
India vs England

ভাৰত আৰু ইংলেণ্ডৰ মাজত আৰম্ভ হোৱা টেষ্ট ছিৰিজৰ নটিংহামৰ টেন্টব্ৰীজৰ প্ৰথমখন টেষ্টত টছত জিকি ইংলেণ্ডে প্ৰথম বেটিং কৰিবলৈ লয়।

প্ৰথম ইনিংছত ইংলেণ্ডৰ দলটো ১৮৩ৰাণতেই অলআউট হৈ যায়। ভাৰতীয় বলাৰৰ দমনীয় প্ৰদৰ্শনৰ আগত কোনো ইংলেণ্ডৰ বেটছমেনসকল তিষ্ঠিৱই নোৱাৰিলে।

ইংলেণ্ডৰ হৈ একমাত্ৰ জো ৰুটে ৬৪ৰাণ কৰে আৰু ছেম কুৰাণে সামান্য যুঁজ দি ২৭ৰাণ কৰি অপৰাজিত হৈ থাকে।

দলটোৰ হৈ বেয়াৰষ্টোৱে দ্বিতীয় সৰ্বোচ্চ ২৯ ৰাণ কৰে। ইংলেণ্ডৰ দলটো ৬৫.৪ অভাৰতে অলআউট হৈ যায়।

প্ৰথম দিনৰ খেলৰ শেষলৈ ভাৰতে কোনে উইকেট নেহেৰুৱাকৈ ২১ৰাণ সংগ্ৰহ কৰিছে।

ইপিনে, ভাৰতৰ হৈ বলিঙত ৪টা উইকেট দখল কৰিছে যশপ্ৰীত বুমৰাহে। মহম্মদ ছামীয়ে দখল কৰে ৩টা উইকেট।

আনহাতে, শাৰ্দুল ঠাকুৰ আৰু মহম্মদ ছিৰাজে এটাকৈ উইকেট লাভ কৰে।