NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলত নিৰাপত্তাৰক্ষীৰ হাতত এন এছ চি এন-আৰ কেডাৰ আটক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 17, 2021 9:14 am

নিৰাপত্তাৰক্ষী বাহিনীয়ে চলোৱা অভিযানত অৰুণাচলপ্ৰদেশৰ চাংলাং জিলাৰ খাৰচাং অঞ্চলত এগৰাকী সক্ৰিয় এন এছ চি এন-আৰ কেডাৰ আটক হয়।

আটক হোৱা কেডাৰ গৰাকী বিদ্ৰোহী সংগঠনটোৰ মেজৰ চেংজং খিমহুন বুলি চিনাক্ত কৰা হৈছে।

ভাৰতীয়ে সেনা বাহিনী আৰু অৰুণাচল আৰক্ষীয়ে সফলভাৱে অভিযানটো চলায়।

বিশেষ সূত্রৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত ভাৰতীয় সেনা বাহিনী আৰু অৰুণাচল আৰক্ষীৰ এটা দলে জিলাখনত অভিযান চলাই আৰু এন এছ চি এন-আৰৰ দুৰ্ধৰ্ষ কেডাৰ গৰাকীক আটক কৰে।

বৰ্তমান অধিক তথ্যৰ বাবে আটক হোৱা বিদ্ৰোহী কেডাৰ গৰাকীক অৰুণাচল আৰক্ষীৰ হাতত গটাই দিয়া হৈছে।

অৰুণাচলপ্ৰদেশত বিদ্ৰোহী সংগঠনসমূহৰ বিৰুদ্ধে সুৰক্ষা বাহিনীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে।

বিশেষকৈ অৰুণাচল প্ৰদেশ আৰু ম্যানমাৰ সীমান্তত সেনা বাহিনীয়ে চোকা নজৰ ৰাখিছে।

বিগত সময়ছোৱাতো সেনা বাহিনীয়ে অৰুণাচল-ম্যানমাৰ সীমান্তৰ পৰা ভালেসংখ্যক সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে।