NORTHEAST NOW (Assamese)
Popular Stories

দ্বিতীয় টেষ্টত বিজয়ী টীম ইণ্ডিয়াক ব্যংগাত্মক শুভেচ্ছা কেভিন পিটাৰছনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 17, 2021 9:56 am
দ্বিতীয় টেষ্টত বিজয়ী টীম ইণ্ডিয়াক ব্যংগাত্মক শুভেচ্ছা কেভিন পিটাৰছনৰ

ইংলেণ্ড ক্ৰিকেট টীমৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটছমেন কেভিন পিটাৰছনে চিৰিজৰ দ্বিতীয়খন টেষ্টমেচত বিজয়ী ভাৰতীয় দলটোলৈ এটা বিশেষ শুভেচ্ছাবাণী টুইট কৰিছে।

হিন্দীত লিখা টুইটটোত তেওঁ পৰাজীত ইংলেণ্ডৰ স্কোৱাদ ইংলেণ্ডৰ ‘বি টীম’ হিচাপে অভিহিত কৰি ভাৰতীয় অনুৰাগীসকলক জোকাই লৈছে।

“বাধাই হো ইণ্দিয়া, ইংলেণ্ড বি কো হাৰানে কে লিয়ে’’- পিটাৰছনে লিখিছে।

টুইটটোৰ প্ৰত্যুত্তৰত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৱাছিম জাফৰে ব্যংগ কৰি কৈছে যে দক্ষিণ আফ্ৰিকাৰ পৰা আমদানি নকৰাকৈ ইংলেণ্ডৰ টীমটো শক্তিশালী হ’ব পাৰেনে!

উল্লেখযোগ্য যে জন্মসূত্ৰে কেভিন পিটাৰছন দক্ষিণ আফ্ৰিকাৰ আৰু ইংলেণ্ডৰ হৈ তেওঁ টেষ্টত আঠ হেজাৰৰো অধিক ৰাণ কৰিছিল।

ইয়াৰ পাছতে ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ ৰটেচন পদ্ধতিক সমালোচনা কৰি তেওঁ কয় যে এটা বৃহৎ চিৰিজৰ বাবে ব’ৰ্ডৰ এই কাৰ্য কিমান দূৰ গ্ৰহণযোগ্য হ’ব পাৰে!

উল্লেখযোগ্য যে দ্বিতীয় টেষ্টৰ পাছত ইংলেণ্ডৰ অভিজ্ঞ অলৰাউণ্ডাৰ ময়িন আলিৰ নাম ৰটেচন পদ্ধতি অনুসৰি ব’ৰ্ডে কৰ্তন কৰিছে, যিটো পিটাৰছনে সমালোচনা কৰিছে।

তদুপৰি এই পদ্ধতি অনুসৰি দ্বিতীয় টেষ্টখনৰ পৰা ইংলেণ্ডৰ তাৰকা ফাষ্টবলাৰ জেমছ এণ্ডাৰছন আৰু ডম বেছক আঁতৰাই ৰখা হৈছিল।