NORTHEAST NOW (Assamese)
অসম

লংকাৰ ডাবলং উপ-স্বাস্থ্য কেন্দ্ৰত ভেকচিন নোপোৱাক কেন্দ্ৰ কৰি পুনৰ চিকিৎসাকৰ্মীক আক্ৰমণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 5, 2021 4:38 pm
mojk

লংকাৰ ডাবলং উপ-স্বাস্থ্য কেন্দ্ৰত ভেকচিন নোপোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।

ভেকচিন নাপাই একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে উপস্বাস্থ্য কেন্দ্ৰটোত।

নিশাৰ পৰা ভেকচিন প্ৰদান কেন্দ্ৰটোত শাৰীপাতিও ভেকচিন লাভ নকৰাত ক্ষুদ্ধ হৈ পৰে একাংশ লোক।

উত্তেজিত একাংশ লোকে ভেকচিন নোপোৱাৰ ক্ষোভত উপস্বাস্থ্য কেন্দ্ৰটোৰ স্বাস্থ্যকৰ্মী আৰু আশা কৰ্মীলৈ শিল,ইটা আদি দলিয়াই পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে।

অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।