NORTHEAST NOW (Assamese)
অসম

চৰকাৰী আৱাসগৃহৰ পৰাই বিধায়ক মৃণাল শইকীয়াৰ চাইকেল নিলে চোৰে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 5, 2021 9:12 pm
cy

বিধায়ক আৱাসৰ নিৰাপত্তাৰ ক্ষেত্ৰত পুনৰ এবাৰ প্ৰশ্ন উত্থাপিত হৈছে। কিয়নো বিধায়ক ফণীভূষণ চৌধুৰীৰ গাড়ী চোৰৰ পাছতে এইবাৰ বিধায়ক মৃণাল শইকীয়াৰ চাইকেল চোৰে চুৰি কৰি লৈ যায়।

বিধায়ক মৃণাল শইকীয়াৰ বিধায়ক আৱাসৰ পৰাই সন্ধ্যা প্ৰায় ৭:৩০ বজাত চাইকেলখন কোনোৱে লৈ যায়।

এক ফেচবুক পোষ্টযোগে বিধায়কগৰাকীয়ে চাইকেলখন পূৰ্বৰ ঠাইত আনি থৈ যাবলৈ আহ্বান জনায়।

তেওঁ ফেচবুকত লিখিছে ‘গুৱাহাটী চৰকাৰী আৱাসগৃহৰ পাৰ্কিঙৰ পৰা মোৰ চাইকেল খন কোনো লোকে লৈ গৈছে।

মই ইতিমধ্যে চিচিটিভি কেমেৰাৰ জৰিয়তে অনুসন্ধান চলাই আছোঁ আৰু সমগ্ৰ ঘটনা সম্পৰ্কত অধ্যক্ষ সচিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছোঁ ।সেয়েহে জনাওঁ যে, সোনকালে যাতে চাইকেল খন আগৰ স্থানত থৈ যায়হি ।‘

ইতিমধ্যে বিধানসভাৰ অধ্যক্ষ সচিবলৈ পত্ৰ প্ৰেৰণ কৰি বিষয়টো অৱগত কৰে।