NORTHEAST NOW (Assamese)
অসম

বোকাখাত পৌৰসভাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰৱেশ আৰু গৃহ শিলান্যাস সমাৰোহৰ শুভ উদ্বোধন 

Posted by: উত্তম শইকীয়া  Updated by: উত্তম শইকীয়া  August 10, 2021 7:14 pm
a saun

২০২২ চনৰ ভিতৰত দৰিদ্ৰ সীমা ৰেখাক তলৰ সকলো লোকৰে বাসগৃহ সমূহ সম্পূৰ্ণ কৰাৰ লক্ষ্য আগত ৰাখি ৰাজ্যৰ লগতে বোকাখাত পৌৰসভা এলেকাতো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহসমূহৰ নিৰ্মাণ কাৰ্য চলি আছে ৷

এই আঁচনিৰ আধাৰতেবোকাখাত পৌৰসভা এলেকাত আজি বোকাখাত পৌৰ প্ৰশাসনে মংগলবাৰৰ দিনা গৃহ প্ৰৱেশ আৰু গৃহ শিলান্যাস সমাৰোহ আয়োজন কৰে ৷

পৌৰসভাৰ বিভিন্ন স্থানত আয়োজিত এই লানি কাৰ্যসুচী শুভ উদ্বোধন কৰে বোকাখাতৰ মহকুমাধিপতি ডা৹ নেহা যাদৱে ৷

অনু্ষ্ঠানত পৌৰসভাৰ বিষয়ববীয়াৰ উপৰি বোকাখাত ৰাজহ চক্ৰ বিষয়া সৌভিক দত্তও উপস্থিত থাকে ৷

পৌৰসভাৰ তিনি নম্বৰ ৱাৰ্ডত নিৰ্মাণ সম্পূৰ্ণ হোৱা  প্ৰয়াত জয়ন্ত দত্তৰ পত্নী পূণ্য দত্তৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৱাস গৃহটি উদ্বোধন কৰি মহকুমাধিপতি ডাঃ নেহা যাদৱে মংগলবাৰে আনুষ্ঠানিক ভাৱে এই সমাৰোহৰো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ৷

বোকাখাত পৌৰ প্ৰশাসনে আয়োজন কৰা এই গৃহ প্ৰৱেশ আৰু গৃহ শিলান্যাশ সমাৰোহৰ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি চৰকাৰী ধনৰ কোনো অপচয় নকৰাকৈ এই হিতাধিকাৰী পুণ্য দত্তই আঁচনিৰ গৃহ সুন্দৰকৈ নিৰ্মাণ কৰাত সন্তোষ প্ৰকাশ কৰে ৷

উল্লেখ্য যে বোকাখাত পৌৰসভা এলেকাৰ নিৰ্মাণ সম্পূৰ্ণ হ’বলৈ থকা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহসমূহ ২০২২ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য বান্ধি লৈছে বুলি জনায় বোকাখাত পৌৰসভাই ৷