NORTHEAST NOW (Assamese)
Popular Stories

আজৱ : ৬০ হাজাৰৰ স্কুটিৰ বাবে ১৮.২২ লাখ টকাত কিনিলে VVIP নম্বৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 1, 2020 1:54 pm

VVIP নম্বৰৰ বাবে বেছিভাগ লোকেৰে এক অন্য ধৰণৰ দুৰ্বলতা থাকে। এই দুৰ্বলতা তথা ইচ্ছা পূৰণৰ বাবে বহুতে লাখৰো অধিক টকা খৰচ কৰা পৰিলক্ষিত হয়।

শেহতীয়াকৈ এটা VVIP নম্বৰৰ বাবে হিমাচল প্ৰদেশৰ কাংৰা জিলাৰ ছাহপুৰ ছাব ডিভিজনেল ছিভিল অফিচত এটা অনবদ্য ৰেকৰ্ড গঢ়িছে।

ছাহপুৰৰ এই অফিচটোৱে গাড়ীৰ এটা পঞ্জীয়ন নম্বৰ নিলাম কৰি ১৮ লাখ ২২ হাজাৰ ৫০০ টকা লাভ কৰিছে।

মন কৰিবলগীয়া কথাটো হ’ল নম্বৰটো কোনো কোটি টকীয়া চাৰিচকীয়া গাড়ীৰ বাবে নহয়, বৰঞ্চ ৬০-৮০ হাজাৰ টকাৰ এখন স্কুটিৰ বাবেহে।

জানিব পৰা মতে কৰনাল জিলাৰ এটা ব্যক্তিগত কোম্পানি ৰাহুল পাম প্ৰাইভেট লিমিটেডে এখন নতুন স্কুটিৰ বাবে চৰকাৰৰ পৰা HP 90-0009 নম্বৰটো ল’ব বিচাৰিছিল।

এই ভি আই পি নম্বৰটোৰ বাবে চৰকাৰে ঘোষণা কৰা অনলাইন নিলামত অংশ লৈ কোম্পানিটোৱে ১৮ লাখ ২২ হাজাৰ ৫০০ টকাত ক্ৰয় কৰে।

২২ জুনৰ পৰা ২৬ জুনলৈ চলিছিল অনলাইন নিলাম।

জানিব পৰা মতে এই নম্বৰটোৰ বাবে আন কিছু লোকেও ১০ৰ পৰা ১৫ লাখ পৰ্যন্ত প্ৰদান কৰিছিল।

উল্লেখ্য যে ০০০১ ক বাদ দি যিকোনো নম্বৰ যিকোনো লোকে আহৰণ কৰিব পাৰে। নিলাম ৭৫ হাজাৰৰ পৰা আৰম্ভ হৈছিল।