NORTHEAST NOW (Assamese)
অসম

লংকাত পথ দুৰ্ঘটনাত আহত ৩

Posted by: এন ই নাও নিউজ ব্যুৰো, লংকা: December 3, 2017 11:22 am

হোজাই জিলাৰ লংকাৰ শণিমন্দিৰৰ সমীপত যোৱা নিশা প্ৰায় ৯ বাজি ৩০ মিনিটত সংঘটিত হয় এক পথ দুৰ্ঘটনা। AS-02D-3058 নম্বৰৰ এখন ওৱেগনাৰ আৰু AS-02E-0122  নম্বৰৰ ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় উক্ত দুৰ্ঘটনাটো।  দুৰ্ঘটনাৰ ফলত ই-ৰিক্সাত থকা ৩ জন যাত্ৰী গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাটোত  আহত হোৱা  কেইজনৰ নাম ক্ৰমে গোদ্দু দাস,মইনুল হক আৰু প্ৰদীপ নাথ বুলি জানিব পৰা গৈছে। আহত কেইজনক তৎকালীনভাৱে লংকা প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও গোদ্দু দাসৰ অৱস্থা সংকটজনক হোৱা বাবে চিকিৎসকে তেওঁক হোজাই হামলৈ প্ৰেৰণ কৰে। আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই ওৱেগনাৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি ওৱেগনাৰৰ চালকজন সুৰামত্ত অৱস্থাত আছিল। এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি কিছু শান্ত হয়।