দৈনিক ৩০ মিনিটৰ শাৰীৰিক গতিবিধিৰে সক্ৰিয়,সুস্থ আৰু ফিট হোৱাৰ সংকল্পেৰে শিৱসাগৰত ফ্ৰীদম দৌৰ

কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অধীনৰ নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আজি শিৱসাগৰত ফিট ইণ্ডিয়া ফ্ৰীদম দৌৰৰ আয়োজন কৰা হয়।
নেচনেল ছাৰ্ভিচ স্ক্ৰীম(NSS)ৰ সহযোগত আয়োজিত হোৱা এই দৌৰ শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সমুখৰ পৰা শিৱসাগৰ সদৰৰ মহকুমা বিষয়া মন্দিৰা বৰুৱাই পতাকা জোকাৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।
সুস্থ সৱল আৰু ফিট হৈ থকাৰ বাবে প্ৰত্যেক ব্যক্তিয়ে দৈনিক ৩০ মিনিটৰ শাৰীৰিক গতিবিধি সংযোগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই দিশত জনজাগৰণ সৃষ্টি কৰাৰ বাবে আয়োজন কৰা দৌৰত বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু নেহেৰু যুৱ কেন্দ্ৰৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে।
এই দৌৰ আৰম্ভ হোৱাৰ পূৰ্বে অংশগ্ৰহণকাৰী সকলক নিজৰ জীৱনত শাৰীৰিক গতিবিধি সংযোগ কৰাৰ শপত বাক্য পাঠ কৰোৱা হয়।
স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্যসূচীৰ অংশৰূপে আয়োজিত এই দৌৰৰ পূৰ্বে অংশগ্ৰহণকাৰী সকলে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে।
অনুষ্ঠানত জিলা জনসংযোগ বিষয়া চৈয়দা হাস্নাহানা বেগম, জ্যেষ্ঠ সাংবাদিক মনোজ গগৈ, মুন্না আগৰৱালা আদিৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।