NORTHEAST NOW (Assamese)
অসম

চাহ বাগিচাত হাজিৰা কৰি ঘৰ চলোৱা অলিম্পিকৰ শিখাবাহক পিংকী কৰ্মকাৰক সহায় কৰিব চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 13, 2021 3:50 pm
Prt

২০১২ চনৰ লণ্ডন অলিম্পিকত ভাৰতৰ হৈ অলিম্পিক শিখা কঢ়িয়াই নিয়া অসমৰ ২৬ বছৰীয়া যুৱতী পিংকী কৰ্মকাৰৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা।

পেটৰ ভোক গুচাবলৈ পিংকীয়ে ডিব্ৰুগড়ৰ বৰবৰুৱা চাহ বাগিচাত দৈনিক ১৬৭ টকা মজুৰিত হাজিৰা কৰি নিজৰ লগতে পৰিয়ালৰ লোকৰ ভোক দূৰ কৰিবলগীয়া হৈছে।

অলিম্পিকৰ শিখা বাহক গৰাকীৰ এনে দুৰ্দশাৰ কাহিনীয়ে এতিয়া সকলোৰে হৃদয় ব্যথিত কৰি তুলিছে।

পিংকীৰ দুৰ্দশাৰ কাহিনী প্ৰকাশ পোৱাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টোক গুৰুত্ব সহকাৰে লৈ ৰাজ্যৰ চাহ জনগোষ্ঠী কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণক যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পিংকী কৰ্মকাৰে সাক্ষাতো কৰিছে।

মুখ্যমন্ত্ৰীৰ আহ্বান ক্ৰমেই পিংকীয়ে তেওঁক সাক্ষাৎ কৰিছে।পিংকীৰ এই সাক্ষাৎকালত ডুমডুমাৰ বিধায়ক ৰূপেশ গুৱালাও উপস্থিত থাকে।

উল্লেখ্য ৰোগাক্ৰান্ত মাতৃৰ বিয়োগৰ পিছত পিংকীয়েই বৃদ্ধ পিতৃৰ লগতে এজন ভাতৃ আৰু দুই ভগ্নীক বাগিচাত হাজিৰা কৰি চলাবলগীয়া হৈছে।

পিংকী যেতিয়া ১৭ বছৰীয়া আছিল তেতিয়াই তেওঁক তেওঁৰ বিদ্যালয়ত  UNICEF’ ৰ Sports for Development (S4D) program ৰ দায়িত্ব দিয়া হৈছিল।

সেইবাবেই তেওঁ ৪০ গৰাকী নিৰক্ষৰ মহিলাক সেই সময়তে আখৰৰ সৈতে চিনাকী কৰোৱাই দিয়াৰ সুবিধা পাইছিল।

এনে সমাজসেৱা মূলক কামৰ বাবেই পিংকীক ২০১২ চনত লণ্ডন অলিম্পিকত ভাৰতৰ হৈ অলিম্পিকৰ শিখা বাহক হিচাবে নিৰ্বাচন কৰা হৈছিল।

এগৰাকী আৰ্চাৰ হোৱাৰ হেঁপাহ থকা পিংকীয়ে পিছে আৰ্থিক অভাৱৰ বাবেই তেওঁৰ সপোন পূৰণ কৰিব পৰা নাছিল।চৰকাৰেও অলিম্পিকৰ পিছতেই পাহৰি পেলাইছিল পিংকীৰ কথা।