NORTHEAST NOW (Assamese)
অসম

‘পলায়ন’ৰ চেষ্টা! মহানগৰীৰ ৰেভ পাৰ্টিত ড্ৰাগছ যোগান ধৰা বিশাল চৌধুৰী আৰক্ষীৰ গুলীত আহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 5, 2021 12:52 pm
WhatsApp Image 2021-09-05 at 12.47.15 PM

মহানগৰীৰ খাৰঘূলিৰ ৰেভ পাৰ্টিত ড্ৰাগছ যোগানৰ মাষ্টাৰ মাইণ্ড বিশাল চৌধুৰী আৰক্ষীৰ গুলীত আহত হৈছে।

আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই বাধ্য হৈ আৰক্ষীয়ে গুলী কৰাত বিশাল চৌধুৰী আহত হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে বিশালৰ ভৰিত দুটাকৈ গুলী লাগিছে।

যোৱা নিশা লতাশিল থানাত এই ঘটনা সংঘটিত হৈছে। বৰ্তমান ড্ৰাগছ সৰবৰাহকাৰী বিশাল জিএমচিএইচত চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে যোৱা ২৮ আগষ্টত বিশাল চৌধুৰীক গুৱাহাটী আৰক্ষীয়ে দিল্লীত গ্ৰেপ্তাৰ কৰিছিল।